
কাঠমাণ্ডু, ২১ জুন (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে দেওবাৰে ভাৰতৰ সৈতে সীমা বিবাদ সন্দৰ্ভত স্পষ্ট কৰি দিয়ে। তেওঁ উল্লেখ কৰে যে কালাপানী আৰু লিপুলেখৰ সন্দৰ্ভত আমাৰ হাতত পৰ্যাপ্ত প্ৰমাণ আছে। যদি আমি ব্ৰিটিছ যুগৰ নথি-পত্ৰ দাখিল কৰিব লাগে তেন্তে আমি সেইটো কৰিম, কিন্তু আমাৰ উদ্দেশ্য ব্ৰিটেইনক মধ্যস্থতাকাৰী হিচাপে ব্যৱহাৰ কৰা নহয়।
প্ৰথম ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ উদ্বোধনী অধিৱেশনত ভাষণ দি তেওঁ উল্লেখ কৰে যে সংসদত তেওঁ ভাৰতৰ সৈতে সীমা বিবাদ সন্দৰ্ভত প্ৰয়োজন হ’লে ব্ৰিটিছ পক্ষৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত নেপাল-ভাৰত সীমা বিবাদত তৃতীয় এখন দেশৰ উপস্থিতি কিয় প্ৰয়োজনীয় আছিল সেই প্ৰশ্নৰ উত্থাপন হ’ল। তেওঁ লগতে উল্লেখ কৰে যে নেপালে প্ৰমাণৰ ভিত্তিত চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আলোচনাৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰিব। তেওঁ উল্লেখ কৰে যে আমি নিজেই আমাৰ ওচৰ-চুবুৰীয়াৰ সৈতে আলোচনাৰ জৰিয়তে এই সমস্যা সমাধান কৰিম। আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে। তেওঁ আৰু কয় যে মোৰ দেশপ্ৰেম আৰু জাতীয়তাবাদক কোনেও সন্দেহ কৰাৰ প্ৰয়োজন নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া