
লখিমপুৰ, ২১ জুন (হি.স.)। লখিমপুৰত মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় খেলুৱৈ, পৰ্বতাৰোহী, চাইকেল ভ্ৰমণ কাৰী আশা মালব্য। পাঁচ জানুৱাৰীৰ পৰা দেশৰ দহ খন ৰাজ্য চাইকেলেৰে ভ্ৰমণ কৰিছে মধ্য প্ৰদেশৰ আশা মালব্যই। বৰ্তমান তেও জয়পুৰৰ পৰা চাইকেল ভ্ৰমণ কৰি অৰুণাচল প্ৰদেশৰ কিৱিতু নামৰ ঠাইত ৭৮০০ কিলোমিটাৰ পথৰ এই যাত্ৰা সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে।
দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকেৰে মত বিনিময় কৰে যুৱতী গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু