
বৰপেটা, ২১ জুন (হি.স.)। আজি দেশজুৰি অনুস্থিত হৈছে নীট-ইউজি পৰীক্ষা।
প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য খেলিমেলিৰ বাবে বাতিল হোৱা পৰীক্ষা আজি সমগ্ৰ দেশজুৰি পুনৰ অনুষ্ঠিত হৈছে ।
বৰপেটা জিলাৰ বিভিন্ন স্থানত জিলা আৰক্ষী-প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ মাজত অনুস্থিত কৰিছে নীট-ইউজি পৰীক্ষা।
পিছে চৰকাৰী অব্যৱস্থা নহয়,
বৰপেটাত নিজৰ ভুলৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে বহু আকাংক্ষিত নীট-ইউজি পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে।
জানিব পৰা অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়াৰ মইনবৰী গাঁওৰ মঞ্জিৰুল হাচান নামৰ প্ৰাৰ্থী গৰাকীয়ে পলমকৈ অহাৰ বাবে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি নাপালে।
ফলত প্ৰাৰ্থী গৰাকী পৰীক্ষাত অবতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হবলগীয়া হয়।
একেদৰে বৰপেটা জিলাৰ আন এগৰাকী প্ৰাৰ্থীয়েও ভুলকৈ আন এটা পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে পৰীক্ষাত অবতীৰ্ণ হেৱাৰ পৰা বঞ্চিত হয়।
জানিবপৰা অনুসৰি , হাউলীৰ চানুৱাৰা আহমেদ নামৰ প্ৰাৰ্থী গৰাকীৰ পৰীক্ষা কেন্দ্ৰ আছিল বৰপেটা মহাবিদ্যালয়।
পিছে প্ৰাৰ্থী গৰাকীয়ে বৰপেটা মহাবিদ্যালয়ৰ পৰিৱৰ্তে বৰনগৰ মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে পৰীক্ষাত অবতীৰ্ণ হব নোৱাৰিলে।
উল্লেখ্য যে, বৰপেটা জিলাত মুঠ ৯ টা কেন্দ্ৰত নীট-ইউজি পৰীক্ষা অনুষ্ঠিত হৈছে।
বৰপেটা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত এই মুহূৰ্তলৈ সুকলমে পৰীক্ষা অনুস্থিত হৈ আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা