যন্তৰ মন্তৰত দ্বিতীয় দিনাও অব্যাহত চিজেপিৰ প্ৰতিবাদ
নতুন দিল্লী, ২১ জুন (হি.স.)। দিল্লীৰ যন্তৰ মন্তৰত ছ’চিয়েল মিডিয়া প্ৰচাৰ ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিয়ে দ্বিতীয় দিনাৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখিছে। দেওবাৰে নিশাও প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কয় চিজেপিয়ে। প্ৰচাৰ নেতা অভিজিত দীপকে নিৰন্তৰভাৱ
सीजेपी के प्रमुख अभिजीत दिपके।


নতুন দিল্লী, ২১ জুন (হি.স.)। দিল্লীৰ যন্তৰ মন্তৰত ছ’চিয়েল মিডিয়া প্ৰচাৰ ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিয়ে দ্বিতীয় দিনাৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখিছে। দেওবাৰে নিশাও প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কয় চিজেপিয়ে।

প্ৰচাৰ নেতা অভিজিত দীপকে নিৰন্তৰভাৱে ৰাইজক তেওঁলোকৰ প্ৰচাৰ অভিযানত যোগদান কৰিবলৈ আহ্বান জনাই আহিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী। দেওবাৰে দীপকে দিল্লীৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ লোকসকলক যন্তৰ মন্তৰত প্ৰতিবাদত যোগদান কৰিবলৈ আহ্বান জনায়।

ককৰোচ জনতা পাৰ্টিৰ নেতা অভিজীত দীপকে ইনষ্টাগ্ৰামত প্ৰকাশ পোৱা এটা ভিডিঅ’ত কয়, এতিয়া বা কেতিয়াও নহয়। আজি যদি আপোনালোকে ঘৰৰ পৰা ওলাই নাহে, তেন্তে এই দেশত ব্যৱস্থাগত পৰিৱৰ্তন আৰু জবাবদিহিতাৰ যি আশাৰ সৃষ্টি হৈছে, সেয়া চিৰদিনৰ বাবে মৰি যাব। এই আশাক জীয়াই ৰখাটো কেৱল আমাৰেই নহয়, ভিডিঅ'টো চোৱা প্ৰতিজন নাগৰিকৰ দায়িত্ব। চিজেপিৰ মুৰব্বীগৰাকীয়ে কয় যে আৰক্ষীয়ে কাকো বাধা দিয়া নাই; সংবিধান অনুসৰণ কৰি গণতন্ত্ৰৰ সৈতে থিয় দিয়াৰ বাবে দিল্লী আৰক্ষীক ধন্যবাদ জনাইছো।

যন্তৰ মন্তৰত সমবেত হোৱা বৃহৎ সংখ্যক প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ শীঘ্ৰে পদত্যাগৰ দাবী জনায়। এই প্ৰতিবাদৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰধানৰ বিৰুদ্ধে পদত্যাগ শ্লোগান দি কাহী হাতত লৈ কোবাই কোবাই থকা দেখা গৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande