মস্কোৰ এছচিঅ’ৰ বৈঠকত ইৰাণে দাখিল কৰিলে শক্তি কনচৰ্টিয়ামৰ খচৰা প্ৰস্তাৱ
মস্কো, ২১ জুন (হি.স.)। ইৰাণে চাংহাই সহযোগিতা সংস্থা (এছচিঅ’)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শক্তি সহযোগিতা শক্তিশালী কৰাৰ লগতে যোগান আৰু চাহিদাৰ উন্নত সমন্বয়ৰ বাবে এছচিঅ’ শক্তি (এনাৰ্জী) কনচৰ্টিয়াম গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে। মস্কোত অনুষ্ঠিত এছ চি অ’ শক্ত
शंघाई सहयोग संगठन   (फाइल फाेटाे)


মস্কো, ২১ জুন (হি.স.)। ইৰাণে চাংহাই সহযোগিতা সংস্থা (এছচিঅ’)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শক্তি সহযোগিতা শক্তিশালী কৰাৰ লগতে যোগান আৰু চাহিদাৰ উন্নত সমন্বয়ৰ বাবে এছচিঅ’ শক্তি (এনাৰ্জী) কনচৰ্টিয়াম গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে। মস্কোত অনুষ্ঠিত এছ চি অ’ শক্তি মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত এই প্ৰস্তাৱ দাখিল কৰা হয়।

ইৰাণৰ চৰকাৰী সংবাদ সংস্থা প্ৰেছটিভিৰ তথ্য অনুসৰি ইৰাণৰ উপ শক্তি মন্ত্ৰী মুস্তাফা ৰাজাবীয়ে শনিবাৰে কয় যে তেওঁৰ দেশে এছচিঅ’ শক্তি কনচৰ্টিয়ামৰ নিয়ম আৰু গাঁথনি সন্দৰ্ভত সদস্য ৰাষ্ট্ৰসমূহক এক খচৰা প্ৰস্তাৱ দাখিল কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই প্ৰস্তাৱ পুনৰীক্ষণ কৰি পৰৱৰ্তী এছচিঅ’ নেতাসকলৰ শীৰ্ষ সন্মিলনত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হ’ব।

ৰাজাবীয়ে কয় যে ইৰাণে বিদ্যুতৰ নাটনি দূৰ কৰিবলৈ সদস্য ৰাষ্ট্ৰসমূহৰ বিদ্যুৎ গ্ৰীডসমূহ আন্তঃসংযোগৰ প্ৰস্তাৱো আগবঢ়াইছে। তেওঁৰ মতে, এই ধাৰণাটো প্ৰথমবাৰৰ বাবে ২০২৪ চনত এছচিঅ’ৰ বৈঠকৰ সময়ত উত্থাপন কৰা হৈছিল আৰু সদস্য দেশসমূহে এই সন্দৰ্ভত ইৰাণে প্ৰস্তুত কৰা খচৰা নথিখনক আদৰণি জনাইছে।

তেওঁ ব্যাখ্যা কৰে যে ইৰাণে নিজৰ ঘৰুৱা সৌৰশক্তি সম্প্ৰসাৰণ কাৰ্যসূচী দ্ৰুতগতিত আগবঢ়াই নিছে আৰু লগতে অংশীদাৰ দেশসমূহৰ সৈতে শক্তিৰ অংশীদাৰিত্ব বৃদ্ধি কৰি শক্তি উৎপাদনৰ উৎসসমূহৰ বৈচিত্ৰ্যতাও বিচাৰিছে।

ৰজাবীয়ে কয় যে ইৰাণে এছচিঅ’ দেশসমূহৰ মাজত আঞ্চলিক বিদ্যুৎ ব্যৱসায়ৰ বজাৰ গঢ়ি তোলা, স্মাৰ্ট গ্ৰীড প্ৰকল্পক প্ৰসাৰিত কৰা, শক্তি সহযোগিতাক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

তেওঁ দাবী কৰে যে বিগত এটা বছৰত ইৰাণে সৌৰশক্তিৰ ক্ষমতা পাঁচগুণ বৃদ্ধি কৰিছে। পাৰমাণৱিক শক্তি উৎপাদন ক্ষমতা বৃদ্ধিৰ পৰিকল্পনাও কৰি আছে।

বিশেষজ্ঞসকলৰ মতে যদি এছ চি অ’ৰ ভিতৰত শক্তি কনচৰ্টিয়াম গঠন কৰা হয় তেন্তে ইয়াৰ দ্বাৰা সদস্য দেশসমূহৰ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ, আঞ্চলিক শক্তি সুৰক্ষা বৃদ্ধি কৰাৰ, অৰ্থনৈতিক সহযোগিতাৰ বাবে নতুন গতি প্ৰদান কৰাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande