
শ্বিলং, ২১ জুন (হি.স.)। শ্বিলং-ডাউকী ৰাষ্ট্ৰীয় ঘাইপথৰ লাইটলায়ংকটত (Laitlyngkot) সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। পাহাৰৰ পৰা নামি অহা প্ৰচণ্ড পানীৰ সোঁতে ঘাইপথ টোৰ এটা ডাঙৰ অংশ উটুৱাই লৈ যায়।
উক্ত ঘটনাৰ ফলত পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু অঞ্চলটোৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰিছে।
বৰ্তমান ঘাইপথটোৰ দুয়োকাষে বহু বাহন আৱদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে। স্থানীয় প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু পথটো পুনৰ নিৰ্মাণৰ বাবে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা