ক্ষেত্ৰীত আছুৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
গুৱাহাটী, ২১ জুন (হি.স.)। ডিমৰীয়াৰ ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ সহযোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানত অঞ্চলটোৰ শিক্ষাক্ষেত্ৰত কৃতিত্ব অৰ্জন
ক্ষেত্ৰীত আছুৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন


ক্ষেত্ৰীত আছুৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন


গুৱাহাটী, ২১ জুন (হি.স.)। ডিমৰীয়াৰ ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ সহযোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানত অঞ্চলটোৰ শিক্ষাক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা প্ৰায় ৬৯ গৰাকী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

ছাত্ৰ ছাত্ৰী সকলক স্মাৰক, মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা, কামৰূপ মহানগৰ জিলা আছুৰ সভাপতি সম্পাদক বিপজ্যোতি মালাকাৰ, সমীৰণ কলিতা, ক্ষেত্ৰী আছুৰ সভাপতি অমৰজ্যোতি বৈশ্যৰ লগতে আছুৰ বিষয়ববীয়া, ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ পংকজ নমশূদ্ৰ আৰু অভিভাৱক সকল উপস্থিত থাকে।

বক্তা সকলে নিজৰ ভাষণত শিক্ষাৰ্থী সকলক অধ্যৱসায়, শৃংখলা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ মানসিকতা গঢ়ি তোলাৰ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande