
গুৱাহাটী, ২১ জুন (হি.স.)। ঐতিহাসিক শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মহাযোগ উপলক্ষে ভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত আৰু তীৰ্থযাত্ৰীসকল ইতিমধ্যে গুৱাহাটীত সমবেত হৈছে । একে সময়তে জনসাধাৰণৰ সুবিধাৰ্থে তথা যানবাহন চলাচল অধিক সুশৃংখল কৰাৰ উদ্দেশ্যে মহানগৰৰ বিভিন্ন স্থানত মেৰামতি আৰু সৌন্দৰ্যবৰ্ধনমূলক কাম-কাজ চলি আছে । এই পৰিস্থিতিত কিছুসংখ্যক পথত সাময়িকভাৱে যানজঁট বৃদ্ধি পাব পাৰে আৰু যাত্ৰাৰ বাবে সাধাৰণতকৈ অধিক সময় লাগিব পাৰে।
সেয়েহে নাগৰিকসকলক নিজৰ যাত্ৰাসমূহ আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ আৰু কোনো বৈঠক, সাক্ষাৎ, অনুষ্ঠান অথবা অন্যান্য গুৰুত্বপূৰ্ণ কামত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছু অতিৰিক্ত সময় হাতত ৰাখিবলৈ জিলা প্ৰশাসনে অনুৰোধ জনাইছে । তদুপৰি, গুৱাহাটী যানবাহন আৰক্ষীয়ে যানবাহনৰ চলাচল সুচাৰুৰূপে পৰিচালনা কৰা আৰু সাধাৰণ জনতাৰ অসুবিধাসমূহ যথাসম্ভৱ হ্ৰাস কৰাৰ বাবে সকলোধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে । এই সময়ছোৱাত সকলো নাগৰিকৰ সহযোগিতা আৰু বুজাবুজি কামনা কৰাৰ লগতে সময়ে সময়ে জাৰি কৰা যান-বাহন সম্পৰ্কীয় পৰামৰ্শ আৰু নিৰ্দেশনাসমূহ মানি চলিবলৈ জনসাধাৰণলৈ আহ্বান জনোৱা হৈছে। নাগৰিকসকলৰ ধৈৰ্য, সহযোগিতা আৰু সমৰ্থনে মহানগৰবাসীৰ লগতে অম্বুবাচী মেলালৈ অহা ভক্ত-তীৰ্থযাত্ৰীসকলৰ বাবে এক সুৰক্ষিত, সুশৃংখল আৰু আনন্দময় অভিজ্ঞতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী