
গুৱাহাটী, ২১ জুন (হি.স.)। সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটীয়ে ২০২৬ চনৰ ২১ জুনত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। প্ৰতিষ্ঠানটোৰ অধ্যাপক, বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আয়ুস বিভাগৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।
এইবাৰৰ মূল বিষয় সুস্থ বাৰ্ধক্যৰ বাবে যোগৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানটোৱে শাৰীৰিক, মানসিক আৰু আৱেগিক সুস্থতা বৰ্তাই ৰখাৰ এক ফলপ্ৰসূ উপায় হিচাপে যোগক প্ৰচাৰ কৰাত গুৰুত্ব আৰোপ কৰে ।
এই অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক (কৰ্ণেল) ড° অশোক পুৰাণিক উপস্থিত থাকে । অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি তেওঁ সুস্থ বাৰ্ধক্য আৰু সামগ্ৰিক সুস্থতাৰ ক্ষেত্ৰত যোগৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে সমগ্ৰ বিশ্বত যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ শলাগ লয় ।
অনুষ্ঠানৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে পশ্চিমবংগৰ কলকাতাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ লাইভ সম্প্ৰচাৰ চায় । ইয়াৰ পিছত অংশগ্ৰহণকাৰীসকলে কমন যোগ প্ৰট’কল (চিৱাইপি)ৰ অনুশীলন কৰে । যোগ অধিৱেশনত ২০০ৰো অধিক অধ্যাপক, বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ পূৰ্বে এইমছ গুৱাহাটীয়ে ২০২৬ চনৰ ২০ জুনত কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰে । প্ৰায় ৩০০ অংশগ্ৰহণকাৰীৰে কমন যোগ প্ৰট’কলৰ আধাৰত সমূহীয়াভাৱে যোগাভ্যাস প্ৰদৰ্শন কৰাৰ লগতে ব্যক্তিগত তথা দলীয় শাখাত যোগাসন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী