শোণিতপুৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জিলা পৰ্যায়ৰ কাৰ্যসূচী তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উৎসাহ-উদ্দীপনাৰে উদযাপিত
শোণিতপুৰ, ২১ জুন (হি.স.) “সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন” (Yoga for Healthy Ageing) শীৰ্ষক দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) ২০২৬ৰ শোণিতপুৰ জিলাৰ জিলা পৰ্যায়ৰ কাৰ্যসূচী আজি দেওবাৰে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উৎসাহ-উদ্দীপনা আৰু জনসাধাৰণৰ অ
দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস


দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস


দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস


দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস


দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস


দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস


দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস


শোণিতপুৰ, ২১ জুন (হি.স.) “সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন” (Yoga for Healthy Ageing) শীৰ্ষক দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) ২০২৬ৰ শোণিতপুৰ জিলাৰ জিলা পৰ্যায়ৰ কাৰ্যসূচী আজি দেওবাৰে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উৎসাহ-উদ্দীপনা আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয়। দেশজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় আয়ুষ মিছন, অসম (শোণিতপুৰ গোট), জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আৰু অন্যান্য অংশীদাৰসকলৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী পৃথ্বিৰাজ ৰাভা । আজিৰ এই অনুষ্ঠানত আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) শ্ৰী কুলদীপ হাজৰিকা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ বিমান শৰ্মা, আয়ুষৰ নোডাল বিষয়া ডাঃ ৰাতুল শালৈ, জিলা ক্ৰীড়া বিষয়া শ্ৰী প্ৰাঞ্জল দিহিঙিয়া, সহকাৰী আয়ুক্ত শ্ৰী অনুৰণ মেধি, তেজপুৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ সকল, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকা, অসমীয়া ক্লাবৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ শ্ৰী পংকজ কুমাৰ বৰা, শোণিতপুৰৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া, শ্ৰীমতী অংকিতা গগৈ আৰু অন্যান্য গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ।

কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্য অতিথি শ্ৰী পৃথ্বিৰাজ ৰাভাই আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি জিলা পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কলকাতাৰ পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয় ।

চৰকাৰী যোগ প্ৰশিক্ষক শ্ৰীমতী নমিতা লহকৰে আদৰণি ভাষণ আগবঢ়াই সামগ্ৰিক স্বাস্থ্য আৰু সুস্থ জীৱনধাৰা গঢ়ি তোলাত যোগাসনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ পিছতে শ্ৰীমতী নমিতা লহকৰ, শ্ৰী দীপক বৰুৱা, শ্ৰীমতী দীপা বৰা আৰু শ্ৰীমতী প্ৰিয়া বসুৰ তত্ত্বাৱধানত কমন যোগ প্ৰট’কল কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, এছ.এছ.বি'ৰ জোৱান, এন.চি.চি. আৰু এন.এছ.এছ. স্বেচ্ছাসেৱক, এ.এছ.আৰ.এল.এম. আৰু এন.ইউ.এল.এম.ৰ সদস্য, আশা কৰ্মী, যোগ অনুৰাগী তথা সৰ্বসাধাৰণ ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে শুৱালকুছিৰ গান্ধী আশ্ৰমৰ পৰা অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই পি এম শ্ৰী গাঁৱে গাঁৱে যোগ মহা-অভিযান আৰু “ আমাৰ মাটি, আমাৰ নায়ক ” শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যজুৰি বৃহৎ সংখ্যক প্ৰশিক্ষিত যোগ অনুশীলনকাৰী গঢ়ি তোলা, যিসকলে ভৱিষ্যতে যোগ প্ৰশিক্ষক আৰু সুস্থতা দূত (Wellness Ambassador) হিচাপে সেৱা আগবঢ়াব পাৰিব। শোণিতপুৰ, যোৰহাট, কোকৰাঝাৰ, বঙাইগাঁও আৰু কাছাৰ জিলাত একেলগে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

উদ্বোধনী কাৰ্যসূচীৰ পিছত দুটা বয়সৰ শ্ৰেণীত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয় ১২ বছৰলৈকে আৰু ১২ৰ পৰা ১৮ বছৰলৈকে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ যুৱ যোগ অনুশীলনকাৰীসকলে উৎসাহেৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ২০২৬ বৰ্ষৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুৰূপ কাৰ্যসূচী সম-জিলা পৰ্যায়ত ক্ৰমে ঢেকিয়াজুলি, বৰছলা, ৰঙাপৰা আৰু নদুৱাৰ সম-জিলাসমূহত অনুষ্ঠিত কৰা হয়, য’ত সন্মানীয় বিধায়ক, পঞ্চায়তৰ সদস্য আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে, যিয়ে ব্যাপক জনসাধাৰণৰ অংশগ্ৰহণ আৰু সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ ক্ষেত্ৰত যোগৰ গুৰুত্বৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰতিফলন ঘটায়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande