
গুৱাহাটী, ২১ জুন (হি.স.)। ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (আইডব্লিউএআই) ২০২৬ চনৰ ২১ জুনত অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে । দেশজোৰা উদযাপনৰ অংশ হিচাপে ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ নদী)ত চলাচল কৰা জাহাজত যোগাসন কৰা হয় ।
গুৱাহাটীৰ পাণ্ডুত আই ডব্লিউ এ আইৰ বিষয়া আৰু কৰ্মচাৰীয়ে ব্ৰহ্মপুত্ৰৰ চলাচল কৰা এম পি টি সুখদেৱ আৰু এইচ পি টি বি আৰ আম্বেদকাৰ জাহাজত ‘কমন যোগ প্ৰট’কল’ত অংশগ্ৰহণ কৰে । একেদৰে যোগীঘোপাৰ ডব্লিউ বি কেশৰত আৰু ডিব্ৰুগড়ৰ বগীবিলত ডব্লিউ বি আইৰিছ আৰু ডব্লিউ বি টানচি জাহাজতো একেধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় ।
এই অনুষ্ঠানত আই ডব্লিউ এ আইৰ কৰ্মচাৰী আৰু স্থানীয় সম্প্ৰদায়ৰ সদস্যসকলে অংশগ্ৰহণ কৰে । এই পদক্ষেপে শাৰীৰিক আৰু মানসিক সুস্থতা বৃদ্ধিৰ ক্ষেত্ৰত যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণক সংযোগ স্থাপনৰ ক্ষেত্ৰত অভ্যন্তৰীণ জলপথৰ ভূমিকাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে ।
এই উপলক্ষে ভাষণ দি আই ডব্লিউ এ আইৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক (ভাৰপ্ৰাপ্ত) প্ৰবীণ বৰাই কয় যে যোগে স্বাস্থ্য আৰু কল্যাণৰ বাবে এক গোলকীয় আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিছে । তেওঁ কয় যে ব্ৰহ্মপুত্ৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনে স্বাস্থ্যসন্মত জীৱনশৈলীৰ প্ৰসাৰ আৰু দেশৰ অন্তৰ্দেশীয় জলপথৰ প্ৰতি আই ডব্লিউ এ আইৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে ।
এইবাৰ ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’ শীৰ্ষক মূল বিষয়বস্তুৰ অধীনত উদযাপন কৰা এই অনুষ্ঠানৰ অন্যতম উদ্দেশ্য আছিল নিয়মীয়া যোগাভ্যাসৰ জৰিয়তে সুস্থ জীৱনশৈলীক উৎসাহিত কৰা আৰু সকলো বয়সৰ লোকৰ বাবে ইয়াৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী