
শিৱসাগৰ, ২১ জুন (হি.স.): আজি আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস । দ্বাদশ সংখ্যাক যোগ দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত উদযাপন কৰা হৈছে আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস ।
শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত শিৱসাগৰ জিলা প্ৰশাসন আৰু আযুস বিভাগৰ উদ্যোগত আয়োজন কৰা হয় আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস । এই যোগ অভ্যাস কাৰ্যসূচীত জল সম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ উপৰিও জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী সহিতে কেবা শতাধিক ছাত্ৰ ছাত্ৰী তথা লোকে অংশ গ্ৰহণ কৰে । আনহাতে জিলাৰ অন্যতম সামাজিক অনুষ্ঠান ঐক্যৰ উদ্যোগত শিৱসাগৰ নগৰৰ মুক্তি নাথ চাৰিআলিতো অনুষ্ঠিত কৰা হয় আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস । এই যোগ দিৱসৰ কাৰ্যসূচীৰ বহুসংখ্য়ক লোকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ