
ডিব্ৰুগড়, ২১ জুন (হি.স.): আজি সমগ্ৰ বিশ্বৰ লগতে ডিব্ৰুগড়তো উলহ-মালহেৰে পালন কৰা হ’ল দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আয়ুষ বিভাগৰ উদ্যোগত মিলন নগৰস্থিত ডিব্ৰুগড় মাল্টিপাৰপ'জ ইণ্ড'ৰ স্পৰ্টছ হলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা তথা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা । মন্ত্ৰীগৰাকীয়ে উপস্থিত সকলোৰে সৈতে যোগাসন প্ৰদৰ্শন কৰি সুস্থ জীৱনশৈলীৰ বাবে যোগাভ্যাসৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, প্ৰশিক্ষাৰ্থী আৰু বহুসংখ্যক যোগপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ