
নতুন দিল্লী, ২১ জুন (হি.স.)। সমগ্ৰ দেশতে উৎসাহ আৰু উদ্যমেৰে উদযাপন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ৰাজনৈতিক আৰু সামাজিক নেতৃত্বই একেস্বৰে যোগৰ গুৰুত্ব প্ৰচাৰ কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে আন কেইবাজনো জ্যেষ্ঠ নেতাই যোগক এক সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ মাধ্যম বুলি অভিহিত কৰে।
মধ্যপ্ৰদেশৰ জবলপুৰৰ সদৰ গেৰিছন খেলপথাৰত ভাষণ দি দ্ৰৌপদী মুৰ্মুৱে কয় যে যোগ হৈছে সুস্থ ব্যক্তি, সুস্থ পৰিয়াল, সুস্থ সমাজ, সুস্থ ৰাষ্ট্ৰ, সুস্থ পৃথিৱী গঢ়ি তোলাৰ ভেটি। সকলো নাগৰিককে যোগাসন দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায়।
আহমেদাবাদত অনুষ্ঠিত এক যোগ অনুষ্ঠানত অমিত শ্বাহে কয় যে যোগ হৈছে ভাৰতৰ মানৱতাৰ অমূল্য উপহাৰ, যিয়ে মন, শৰীৰ, আত্মাৰ সামগ্ৰিক মংগলৰ প্ৰসাৰ ঘটায়। তেওঁ সুস্থ, শক্তিশালী আৰু সুষম জীৱনৰ বাবে যোগাসন গ্ৰহণ কৰাৰ আহ্বান জনায়।
পঞ্জাৱৰ জলন্ধৰত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয় যে যোগ হৈছে ভাৰতীয় ঋষিসকলে বিশ্বক দিয়া এক বহুমূলীয়া উপহাৰ, যিয়ে আধ্যাত্মিক শান্তিৰ লগতে শাৰীৰিক আৰু মানসিক ভাৰসাম্য প্ৰদান কৰে। তেওঁ সুস্থ ভাৰত, শক্তিশালী ভাৰতৰ সংকল্পৰে যোগক জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে যোগ ভাৰতৰ প্ৰাচীন ঐতিহ্য, যিয়ে আজি সমগ্ৰ বিশ্বতে নিজৰ স্থান দখল কৰিছে। তেওঁ কয় যে যোগ হৈছে ভাৰসাম্য, স্বাস্থ্য, আৰু আভ্যন্তৰীণ শান্তিৰ মাধ্যম।
মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজনাথ সিঙে কয় যে যোগ কেৱল সুস্থ শৰীৰৰ ভিত্তিই নহয়, সুষম আৰু অনুশাসিত জীৱন যাপনৰ পথো।
নতুন দিল্লীৰ শান্তিপাঠত অনুষ্ঠিত যোগ অধিবেশনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে যোগৰ অৰ্থ হৈছে একত্ৰিত হোৱা। ই দেহ, মন, আত্মা আৰু ঐশ্বৰিকতাৰ মাজত সমন্বয় স্থাপনৰ প্ৰক্ৰিয়া আৰু ই কেৱল শাৰীৰিক ব্যায়ামত সীমাবদ্ধ নহয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সকলোৰে সুস্বাস্থ্য, দীৰ্ঘায়ু, আৰু অবিৰত সফলতা কামনা কৰে।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে যোগ হৈছে শৰীৰ, মন, আৰু আত্মাৰ ভাৰসাম্য ৰক্ষাৰ বাবে এক শক্তিশালী মাধ্যম, ইতিবাচক আৰু সুস্থ জীৱনৰ বাবে দিশ প্ৰদান কৰে।
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও জাধৱে কয় যে সকলো বয়সৰ লোকে সুস্থ, শক্তিশালী, সক্ৰিয় জীৱনৰ বাবে যোগাসনক নিজৰ জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তুলিব লাগে।
পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে যোগ হৈছে আত্মৰ পৰা সমগ্ৰতালৈ যাত্ৰা আৰু ই এক সুস্থ জীৱনৰ ভেটি।
দিল্লীৰ দক্ষিণ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে যোগ হৈছে শৰীৰ, মন আৰু আত্মাৰ সমন্বয়ৰ মাধ্যম, যিয়ে উন্নত আৰু সুস্থ জীৱনৰ প্ৰেৰণা দিয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া