কলিয়াবৰৰ গুডামঘাটত কলঙত মাছ ধৰিবলৈ গৈ নিখোজ এজন যুৱক
কলিয়াবৰৰ গুডামঘাটত অঘটন।
কলিয়াবৰৰ গুডামঘাটত কলঙত মাছ ধৰিবলৈ গৈ নিখোজ এজন যুৱক


নগাঁও, ২১ জুন (হি.স.): নগাঁও জিলাৰ কলিয়াবৰৰ গুডামঘাটত এক অঘটন সংঘটিত হৈছে । কলঙত যোৱা কালি শনিবাৰে বিয়লি মাছ ধৰিবলৈ গৈ নিখোজ হৈ পৰে এজন যুৱক । সন্ধানহীন যুৱকজন গুডামঘাটৰ ৰাজকুমাৰ মণ্ডল বুলি পৰিচয় পোৱা গৈছে ।

জানিব পৰামতে, ৰাজকুমাৰ মণ্ডলে কলঙ নদীত জাল লৈ মাছ ধৰিবলৈ গৈছিল। ইয়াৰ পিছৰে পৰা নিখোজ হৈ পৰে যুৱকজন। স্থানীয় লোকে বহুবাৰ চেষ্টা কৰিও লোকজনক বিচাৰি উলিয়াব পৰা নাই । স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীলৈ কলিয়াবৰৰ এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছ ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande