
বাক্সা, ২১ জুন (হি.স.)। গোৰেশ্বৰৰ সমিপৰ ধুলাবড়ী দলংঘাটত শোকাবহ ঘটনা।
টিউচনলৈ যোৱা এগৰাকী ছাত্ৰীক মহতিয়াই নিলে ৰে'লে ।
থিতাতে নিহত ছাত্ৰীগৰাকী গুৰমৌ হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত অনন্যা ডেকা।
আজি পুৱা ৯-৩০ মান বজাত দলংঘাটৰ পৰা টিউচন কৰি পুঠিমাৰী নৈৰ ওপৰত থকা ৰে'লৰ দলঙেৰে ঘৰলৈ আহি থকা অৱস্থাত গোৰেশ্বৰৰ দিশৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা এখন ৰে'লে মহতিয়াই নিয়ে ছাত্ৰীগৰাকীক।
জানিব পৰা মতে গুৱাহাটীৰ সোণাপুৰৰ বাসিন্দা অনন্যা ডেকাই ৪বছৰ পূৰ্বে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গেন্দাঝাৰত মোমায়েকৰ ঘৰত থাকি ওচৰৰে গুৰমৌ হাইস্কুল অধ্যয়ন কৰি আছিল।।
আজি পুৱা টিউচনলৈ যোৱা ছাত্ৰীগৰাকী দলংঘাটৰ পুঠিমাৰী নদীত দলং নথকাত ৰেলৰ দলঙেৰে নৈ পাৰ হ'বলৈ ধৰাৰ সময়তে শোকাবহ দুৰ্ঘটনা পতিত হৈ মৃত্যু হয়।
ইফালে এই ঘটনাৰ পিছতে দলংঘাটৰ ৰাইজ ক্ষোভিত হৈ পৰে আৰু বিটিচি চৰকাৰ-' হায় হায়,অসম চৰকাৰৰ হায় হায়, হাগ্ৰামা মহিলাৰী মূৰ্দাবাদ, মহেশ্বৰ বসুমতাৰী হয় হয় 'আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।
উল্লেখ্য যে দলংঘাটত ২০০৯ চনতে পুঠিমাৰী নদীৰ ৰেল দলংখনৰ ওচৰতে এখন পকী দলং নিৰ্মাণ কৰিছিল। কিন্তু দলংখন বিগত ১৭বছৰে সম্পূৰ্ণ নোহোৱাৰ বাবে ৰেলৰ দলংখনেৰে নদী পাৰপাৰ হ'ব লগা হোৱাত ইতিমধ্যে কেইবাটাও দূৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি স্থানীয় ৰাইজে শীঘ্ৰে অৰ্ধনমিত দলংখন সম্পূৰ্ণ কৰি সূচল যাতায়তৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা