ৰঙিয়াৰ সমীপৰ ধুলাবড়ী দলংঘাটত কিশোৰী ছাত্ৰীক মহতিয়াই নিয়ে ৰেলে
কামৰূপ, ২১ জুন (হি.স.)। ৰঙিয়াৰ সমীপৰ ধুলাবড়ী দলংঘাটত অঘটন । টিউচনলৈ যোৱা এগৰাকী ছাত্ৰীক আজি মহতিয়াই নিলে ৰে''লে । ছাত্ৰী গৰাকীক গুৰমৌ হাইস্কুল নৱম শ্ৰেণীৰ অনন্যা ডেকা বুলি ৰঙিয়া আৰক্ষী সংবাদ মাধ্য়মক অবগত কৰে। আজি পুৱা ৯মান বজাত টিউচন কৰি দলঙঘাট
ৰঙিয়াৰ সমীপৰ ধুলাবড়ী দলংঘাটত কিশোৰী ছাত্ৰীক মহতিয়াই নিয়ে ৰেলে


কামৰূপ, ২১ জুন (হি.স.)। ৰঙিয়াৰ সমীপৰ ধুলাবড়ী দলংঘাটত অঘটন ।

টিউচনলৈ যোৱা এগৰাকী ছাত্ৰীক আজি মহতিয়াই নিলে ৰে'লে ।

ছাত্ৰী গৰাকীক গুৰমৌ হাইস্কুল নৱম শ্ৰেণীৰ অনন্যা ডেকা বুলি ৰঙিয়া আৰক্ষী সংবাদ মাধ্য়মক অবগত কৰে।

আজি পুৱা ৯মান বজাত টিউচন কৰি দলঙঘাটৰ ৰে'লৰ দলঙেৰে পাৰ হৈ আহি আছিল ছাত্ৰী গৰাকী । অন্যমনস্ক হৈ ৰেল পথ পাৰ হব লওতে দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।ৰাইজে অভিযোগ কৰা অনুসৰি দিৰ্ঘদিনৰ পৰা অঞ্চলটোত এখন ৰেল গেট সংস্থাপন কৰিবলৈ এন এফ ৰেল কতৃপক্ষক দাবী জনাই থকা সত্বেও ৰেল বিভাগে বিষয়টোত গুৰুত্ব নিদিয়া বাবে আজি উক্ত শোকাবহ দূৰ্ঘটনাটো সংঘটিত হৈছে বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande