আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ গুৱাহাটীত মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ যোগাসন
গুৱাহাটী, ২১ জুন (হি.স.)। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি সমগ্ৰ অসম আৰু গুৱাহাটীত যোগ অধিৱেশনৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ মন্ত্ৰীসকলে বিশিষ্ট ব্যক্তিসকলৰ সৈতে বিভিন্ন স্থানত যোগাসনৰ অধিবেশনত অংশগ্ৰহণ কৰি সুস্থ মন, সুস্থ শৰীৰ, সুস্থ সমাজ
असमः गुवाहाटी में ब्रह्मपुत्र नदी के किनारे अंतरराष्ट्रीय योग दिवस पर योग करतीं केंद्रीय मंत्री निर्मला सीतारमण एवं मुख्यमंत्री डॉ. हिमंत बिस्व सरमा


গুৱাহাটী, ২১ জুন (হি.স.)। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি সমগ্ৰ অসম আৰু গুৱাহাটীত যোগ অধিৱেশনৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ মন্ত্ৰীসকলে বিশিষ্ট ব্যক্তিসকলৰ সৈতে বিভিন্ন স্থানত যোগাসনৰ অধিবেশনত অংশগ্ৰহণ কৰি সুস্থ মন, সুস্থ শৰীৰ, সুস্থ সমাজৰ বাৰ্তা প্ৰচাৰ কৰে।

এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ উজান বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। যোগ অনুশীলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অংশগ্ৰহণ কৰে। এই উপলক্ষে বৃহৎ সংখ্যক লোকে যোগাসন কৰা দেখা গৈছিল। মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে যোগাসন কৰি স্বাস্থ্য আৰু সম্প্ৰীতিৰ মনোভাৱেৰে দিনটোৰ আৰম্ভণি কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ অফিচিয়েল ফেচবুক হেণ্ডেলৰ জৰিয়তে কয় যে যোগাভ্যাসে শৰীৰ, মন, আত্মাৰ মাজত এক সুন্দৰ সমন্বয় প্ৰতিষ্ঠা কৰে। আজিৰ ব্যস্ত জীৱনত সুস্থ আৰু সুষম জীৱনশৈলী গঢ়ি তোলাত যোগে অতুলনীয় ভূমিকা পালন কৰে।

তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আহক আমি সকলোৱে যোগক আমাৰ দৈনন্দিন জীৱনৰ অংশ কৰি এখন সুস্থ, শক্তিশালী আৰু ইতিবাচক সমাজ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিওঁ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande