বিশ্বৰ অনিশ্চয়তাৰ মাজতো এপ্ৰিলৰ পৰা ১৪ জুনলৈকে ৰপ্তানি ১৫% বৃদ্ধি : গোৱেল
- ডিচেম্বৰৰ ভিতৰত স্বাক্ষৰিত হ’ব ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য চুক্তি, অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চৰ পৰা কাৰ্যকৰী নতুন দিল্লী, ২১ জুন (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে দেওবাৰে কয় যে বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো চলি
मुंबई में योग दिवस के अवसर पर ‘चार्टर्ड अकाउंटेंट्स’ के साथ संवाद करते पीयूष्ज्ञ गोयल


- ডিচেম্বৰৰ ভিতৰত স্বাক্ষৰিত হ’ব ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য চুক্তি, অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চৰ পৰা কাৰ্যকৰী

নতুন দিল্লী, ২১ জুন (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে দেওবাৰে কয় যে বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ত এপ্ৰিলৰ পৰা ১৪ জুনলৈকে দেশৰ ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানি প্ৰায় ১৫% বৃদ্ধি পাইছে। মে’ মাহত ভাৰতৰ ৰপ্তানি ১৮% বৃদ্ধি পাই ৪৫.২ বিলিয়ন মাৰ্কিন ডলাৰ হয়, যিটো ছমাহৰ সৰ্বোচ্চ।

মুম্বাইত যোগ দিৱস উপলক্ষে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ সৈতে হোৱা এক মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে ৫০% মাৰ্কিন শুল্ক আৰোপ কৰাৰ পিছতো যোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ ৰপ্তানি প্ৰবল বৃদ্ধিৰ সাক্ষী হৈছে। গোটেই এপ্ৰিল আৰু মে’ মাহৰ লগতে জুন মাহৰ ১৪ দিনৰ উপলব্ধ তথ্য বিবেচনা কৰিলে ৰপ্তানি ১৫% বৃদ্ধি পাইছে। একে সময়ছোৱাত বাণিজ্যিক ঘাটি ২৮.২১ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়। ভাষণৰ সময়ত গোৱেলে চাৰ্টাৰ্ড একাউণ্টেণ্টসকলক এখন উন্নত ভাৰত গঢ়ি তোলাত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে উল্লেখ কৰে যে ভাৰত আৰু ২৭ জনীয়া ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি (এফ টি এ) ডিচেম্বৰৰ ভিতৰত স্বাক্ষৰিত হ’ব আৰু অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত বলবৎ হোৱাৰ সম্ভাৱনা আছে। ভাৰত আৰু ইউৰোপীয় ইউনিয়নে চলিত বৰ্ষৰ ২৭ জানুৱাৰীত আলোচনা সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে।

বাণিজ্য মন্ত্ৰালয়ে ১৫ জুলাইত জুন মাহৰ আনুষ্ঠানিক ৰপ্তানি-আমদানিৰ তথ্য প্ৰকাশ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৬-২৭ চনৰ এপ্ৰিল-মে’ৰ ভিতৰত দেশখনৰ ৰপ্তানি ১৬.০৯ শতাংশ বৃদ্ধি পাই ৮৮.৯১ বিলিয়ন মাৰ্কিন ডলাৰ হয়, আনহাতে আমদানি ১৫.১৪ শতাংশ বৃদ্ধি পাই ১৪৫.৩৫ বিলিয়ন মাৰ্কিন ডলাৰ হয়। এই সময়ছোৱাত ৫৬.৪৪ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্যিক ঘাটি ৰেকৰ্ড কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande