
বৰপেটা, ২১ জুন (হি.স.)। সৰ্থেবাৰীত আৰক্ষীৰ বৃহৎ সফলতা। গাঞ্জাসহ ব্যৱসায়ী আটক। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজ্যোতি ডেকাৰ নিৰ্দেশত সৰ্থেবাৰী আৰক্ষীয়ে চলাইছে এক তীব্ৰ গাঞ্জা বিৰোধী অভিযান। উক্ত অভিযানৰ সৰ্থেবাৰী থানা খনৰ অন্তৰ্গত বামুণ্ডিত অভিযান চলাই এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত গাঞ্জা ব্যৱসায়ী জনৰ নাম নৱজিৎ নাথ বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ ৰামপুৰত। আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা ১০ কিলো ৪০০ গ্ৰাম গাঞ্জা জব্দ কৰে। জানিব পৰা মতে, আটক কৰাৰ সময়ত ব্যৱসায়ী জনে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল যদিও আৰক্ষীয়ে অতি কৌশলগতভাৱে তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কলিতাৰ সৈতে বহু সময় গাঞ্জা ব্যৱসায়ীৰ সৈতে সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু