কাৰ্বি আংলঙৰ পদ্মশ্ৰী সন্মান প্ৰাপক শিল্পী পখিলা লেকথেপীক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে প্ৰদান কৰিলে এটি বাসগৃহ
কাৰ্বি আংলঙ, ২১ জুন (হি.স.)। কাৰ্বি আংলঙৰ কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী সন্মান প্ৰাপক চহা শিল্পী পখিলা লেকথেপীক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দেওবাৰে প্ৰদান কৰিলে এটি বাসগৃহ। শিল্পীগৰাকীৰ সপোনৰ ঘৰ ৰুণমেছ'' (RUNMESO) দেওবাৰে আনুষ্ঠানিকভাৱে শিল্পী
কাৰ্বি আংলঙৰ পদ্মশ্ৰী সন্মান প্ৰাপক শিল্পী পখিলা লেকথেপীক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে প্ৰদান কৰিলে এটি বাসগৃহ


কাৰ্বি আংলঙ, ২১ জুন (হি.স.)। কাৰ্বি আংলঙৰ কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী সন্মান প্ৰাপক চহা শিল্পী পখিলা লেকথেপীক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দেওবাৰে প্ৰদান কৰিলে এটি বাসগৃহ। শিল্পীগৰাকীৰ সপোনৰ ঘৰ ৰুণমেছ' (RUNMESO) দেওবাৰে আনুষ্ঠানিকভাৱে শিল্পী গৰাকীক প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

বিগত কেইবা দশকজুৰি কাৰ্বি লোক সংগীত আৰু আধুনিক গীতক সুৰীয়া কণ্ঠৰে সমৃদ্ধ কৰা এইগৰাকী শিল্পীয়ে আৰ্থিক দুৰৱস্থাৰ বাবে অতি সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰি আহিছিল। পৰিষদৰ তৰফৰ পৰা তেওঁক এটি ঘৰ সাজি দিয়াৰ প্ৰচেষ্টা হাতত লৈছিল যদিও সেয়া বিভিন্ন কাৰণত অসম্পূৰ্ণ হৈ ৰৈছিল। এই বিষয়টো সংবাদ মাধ্যমে দৃষ্টিগোচৰ কৰাত কাৰ্বি আংলং পৰিষদৰ মুখ্য় কাৰ্যবাহী তুলিৰাম ৰংহাঙে নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰে।

অৱশেষত কাৰ্বি আংলং পৰিষদে ডিফু চহৰৰ নিহাং ডিফুৰ ছনছিং তেৰাং গাঁৱত তেওঁক সপোনৰ ঘৰটি নিৰ্মাণ কৰি দিয়ে।

শিল্পী গৰাকীয়ে পৰিষদৰ কৃতজ্ঞতা প্ৰকাশ কৰি ৰ'দ-বৰষুণৰ পৰা তেওঁক আশ্ৰয় প্ৰদান কৰাৰ বাবে পৰিষদে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। শিল্পী গৰাকীক কাৰ্বি আংলঙৰ সম্পদ আখ্যা দি তেওঁৰ সপোনৰ ঘৰখন সাজি দি পৰিষদৰ মুখ্য় কাৰ্যবাহী তুলিৰাম ৰংহাঙেও সুখ অনুভৱ কৰা বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande