
তিনিচুকীয়া, ২১ জুন (হি.স.)। ডিগবৈ শোধনাগাৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন।
যোগ হৈছে দেহ আৰু মনক কঠোৰ নিয়ন্ত্ৰণৰ জৰিয়তে দেহ-মনলৈ প্ৰশান্তি অনা এক আধ্যাত্মিক প্ৰচেষ্টা।এই নিয়ন্ত্ৰণ আনিবৰ বাবেই কিছুমান শাৰিৰীক অভ্যাস আৰু আধ্যাত্মিক শৃংখলাৰ প্ৰণালীবদ্ধ ব্যৱস্থাটোৱেই হৈছে যোগ।ডিগবৈ শোধনাগাৰ কৰ্তৃপক্ষৰ উদ্যোগত আজি ৰাতিপুৱা পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত (বিহুতলী) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ কাৰ্য্যবাহী সঞ্চালক তথা শোধনাগাৰ মূৰব্বী ৰাহুল প্ৰশান্তৰ নেতৃত্বত ,মুখ্য মহাপ্ৰৱন্ধক ধনজিৎ বৈশ্য আৰু মুখ্য মহাপ্ৰৱন্ধক ডিপাঙ্কৰ দাস শোধনাগাৰৰ উচ্চ পদস্থ বিষয়াসকল, কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী,অসম আৰক্ষী ৩২ নং বেটেলিয়ন,গৃহৰক্ষী বাহিনী,নাৰ্চিং স্কুল অফ কলেজৰ শিক্ষক-ছাত্ৰী, সচেতন নাগৰিকসহ শতাধিক লোকৰ উপস্থিতিত যোগাসন পৰিচালনা কৰে যোগগুৰু সুখময় নাথে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু