চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আহাৰৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে
চৰাইদেউ, ২১জুন (হি.স.)। চৰাইদেউ জিলাৰ সদৰ সোণাৰি পৌৰ এলেকাৰ ৬নং ৱাৰ্ডত আজি পাঁচ দিনে বানৰ সংহাৰী ৰূপ। প্ৰশাসনৰ কোনো সহাৰি নাই ।পাহাৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলা তথা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সমান্তৰালভাৱে চৰাইদেউ জিলাত কিছু দিনৰ পৰা হোৱা মুষলধা
চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আহাৰৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে


চৰাইদেউ, ২১জুন (হি.স.)। চৰাইদেউ জিলাৰ সদৰ সোণাৰি পৌৰ এলেকাৰ ৬নং ৱাৰ্ডত আজি পাঁচ দিনে বানৰ সংহাৰী ৰূপ। প্ৰশাসনৰ কোনো সহাৰি নাই

।পাহাৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলা তথা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সমান্তৰালভাৱে চৰাইদেউ জিলাত কিছু দিনৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত দিচাং,টিয়ক আৰু টাওকাক নদীৰ জলপৃষ্ঠ সাংঘাতিক ধৰণে বৃদ্ধি পাইছে।

ইয়াৰ ফলস্বৰূপে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আহাৰৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। আনহাতে ঘণ বসতি প্ৰধান জিলা সদৰ সোণাৰি নগৰৰ ৬ নং ৱাৰ্ডত বানৰ কবলত পৰি ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে জনগন। কিন্তু আজি পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ বাবে এতিয়া যথেষ্ট শোভ প্ৰকাশ কৰিছে ভুক্তভোগী বানপিড়িত ৰাইজে।

চৰকাৰী ভাবে কোনো ধৰণৰ শিবিৰৰ ব্যৱস্থা কৰা নাই , নিশা বিজুলী ব্যৱস্থা নাই , মম আদিৰ ব্যৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা নাই , চৰকাৰে তথা সোণাৰি সমষ্টিৰ প্ৰশাসনে কোনো ব্যৱস্থা নকৰাত ৬নংৱাৰ্ডৰ বানপীৰিত লোকে আদিৱাসী ছাত্ৰ নিৱাসত আশ্ৰয় লৈ এটা কোঠাত তিনি চাৰিটাকৈ পৰিয়ালে আশ্ৰয় লৈ জ্বৰ,পানীলগা আৰু পেটৰ ৰোগত ভূগি ক্ষুব্ধ হৈ পৰিছে ৰাইজ। এই সকল বানাক্ৰান্ত ৰাইজক মাত এষাৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande