
গুৱাহাটী, ২১ জুন(হি.স.)। মহানগৰীৰ পানীখাইতিত আজি এগৰাকী মহিলা আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃত আৰক্ষী জোৱান গৰাকীক দিপামনি হিৰা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ । ঘটনা স্থলীত পানীখাইতি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষী জোৱান গৰাকী আত্মহত্যা কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে । মৃতদেহৰ কাষত এখন চুইচাইড নোট উদ্ধাৰ কৰা হৈছে । পাৰিবাৰিক অশান্তিৰ বাবে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে । আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ