ধুবুৰী জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান
ধুবুৰী জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান।
ধুবুৰী জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান


ধুবুৰী, ২১ জুন (হি.স.) : ধুবুৰী জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে যোৱা কালি শনিবাৰে বিয়লি এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে । পস্কো আইনৰ অধীনত ২০ বছৰৰ কাৰাদণ্ড বিহে আব্দুল কায়ুম নামৰ এজন ব্যক্তিক । কালাহাটত ২০২৩ চনত এগৰাকী ১৭ বছৰীয়া নৱলিকাক ধৰ্ষণ কৰি অন্তঃসত্বা কৰিছিল ৩৭ বছৰীয়া আব্দুল কায়ুম নামৰ লোকজনে ।

ইফালে সমাজৰ ভয়ত অৱশেষত নিকা কৰাইছিল আব্দুল কায়ুমে । এটা পুত্ৰ সন্তানো হৈছিল ধৰ্ষণৰ বলি হোৱা নাবালিকা গৰাকীৰ। পস্কো আইনৰ অধীনত ধুবুৰী সদৰ থানত নাৱলিকা গৰাকীৰ মাতৃয়ে ৰুজু কৰিছিল গোচৰ । যোৱা কালি বিয়লি গোচৰৰ ভিত্তিত আব্দুল কায়ুমক ২০ বছৰৰ কাৰাদণ্ড আৰু ২৫ হাজাৰ টকাৰ জৰিমনা বিহে । ধৰ্ষণৰ বলি হোৱা মাতৃৰ সাহসিকতা আৰু অভিযুক্তৰ সৈতে আপোচ নকৰাৰ বাবে চৰকাৰ তৰফৰ পৰা মাতৃ লৈ ৩ লাখ টকা দিয়াৰ বাবে ৰায়দান কৰে জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande