টি-২০ ক্ৰিকেটৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত কিয়ৰন পোলাৰ্ড
ডালাছ (আমেৰিকা), ২১ জুন (হি.স.)। মেজৰ লীগ ক্ৰিকেট (এম এল চি)ত এম আই নিউয়ৰ্কৰ হৈ খেলি থকা প্ৰবীণ কিয়ৰন পোলাৰ্ডে এক উল্লেখযোগ্য অভিলেখ অৰ্জন কৰিছে। এই কৃতিত্বত দেশবাসী ক্ৰীছ গেইলক অতিক্ৰম কৰি পোলাৰ্ড টি-২০ ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হি
HANEJD[


ডালাছ (আমেৰিকা), ২১ জুন (হি.স.)। মেজৰ লীগ ক্ৰিকেট (এম এল চি)ত এম আই নিউয়ৰ্কৰ হৈ খেলি থকা প্ৰবীণ কিয়ৰন পোলাৰ্ডে এক উল্লেখযোগ্য অভিলেখ অৰ্জন কৰিছে। এই কৃতিত্বত দেশবাসী ক্ৰীছ গেইলক অতিক্ৰম কৰি পোলাৰ্ড টি-২০ ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

২০২৬ চনৰ এম এল চিত ৱাশ্বিংটন ফ্ৰিডমৰ বিৰুদ্ধে এক সুন্দৰ শতক অৰ্জন কৰি পোলাৰ্ডে এই কৃতিত্ব অৰ্জন কৰে। তেওঁ ৫৬টা বলত অপৰাজিত ১০০ ৰান সংগ্ৰহ কৰে, য’ত ১১টা চাৰি আৰু চাৰিটা ছয়কে ধৰি। এই শতকৰ লগে লগে টি-২০ ক্ৰিকেটত পোলাৰ্ডৰ মুঠ ৰান ১৪,৫৮২ ৰান হোৱাৰ বিপৰীতে ক্ৰীছ গেইলৰ ১৪,৫৬২ ৰান। ইয়াৰ ফলত পোলাৰ্ড টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। এই দুজন খেলুৱৈৰ পিছতে আছে এলেক্স হেলছ (১৪,৪৪৯), জোছ বাটলাৰ (১৪,৩৭১), ডেভিদ ৱাৰ্নাৰ (১৪,২৮৪), আৰু বিৰাট কোহলি (১৪,২১৮)।

অৱশ্যে পোলাৰ্ডৰ এই ঐতিহাসিক ইনিংছে নিজৰ দলটোক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে। প্ৰথমে বেটিং কৰি ৱাশ্বিংটন ফ্ৰিডমে পাঁচ উইকেটত ২৪৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এম আই নিউয়ৰ্কে নিজৰ নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত মাত্ৰ ২১৫ ৰানহে মেনেজ কৰি মেচখন ৩০ ৰানত পৰাস্ত হয়।

পোলাৰ্ড কেৱল ৰান গেটাৰৰ নহয়, টি-২০ ক্ৰিকেটত সৰ্বাধিক মেচ খেলা খেলুৱৈও। তেওঁৰ কেৰিয়াৰত ৭৩৬ খন টি-২০ মেচ খেলিছে, যিটো এই ফৰ্মেটত এক অভিলেখ। তেওঁৰ নামত দুটা শতক আৰু ৬৭টা অৰ্ধশতক আছে। পোলাৰ্ড হৈছে একমাত্ৰ খেলুৱৈ যিয়ে ৭০০ৰো অধিক টি-২০ মেচ খেলিছে।

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক পোলাৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও ফ্ৰেঞ্চাইজি ক্ৰিকেটত সক্ৰিয় হৈ আছে। যদিও তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত খেলা নাই, তথাপিও মুম্বাই ইণ্ডিয়ানছৰ দীৰ্ঘদিনীয়া খেলুৱৈ পোলাৰ্ডেও আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰি বৰ্তমান দলৰ বেটিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande