ফাইনেলত শ্ৰীলংকা এক ৬৬ ৰানত পৰাস্ত কৰি ইণ্ডিয়া এ দলৰ ত্ৰিকোণীয় শৃংখলা জয়
ডাম্বুলা, ২১ জুন (হি.স.)। ইণ্ডিয়া এ দলে ফাইনেলত শ্ৰীলংকা এক ৬৬ ৰানত পৰাস্ত কৰি ত্ৰিকোণীয় শৃংখলাত জয়লাভ কৰে । দেওবাৰে শ্ৰীলংকাৰ ডাম্বুল্লাত খেলা খেলখনত প্ৰথম বেটিং কৰি ইণ্ডিয়া এ দলে ৫০ অভাৰত ৯ উইকেটত ৩৭৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত শ্ৰীলংকা এ ৪
भारतीय खिलाड़ी (फोटो- बीसीसीआई एक्स अकाउंट)


ডাম্বুলা, ২১ জুন (হি.স.)। ইণ্ডিয়া এ দলে ফাইনেলত শ্ৰীলংকা এক ৬৬ ৰানত পৰাস্ত কৰি ত্ৰিকোণীয় শৃংখলাত জয়লাভ কৰে । দেওবাৰে শ্ৰীলংকাৰ ডাম্বুল্লাত খেলা খেলখনত প্ৰথম বেটিং কৰি ইণ্ডিয়া এ দলে ৫০ অভাৰত ৯ উইকেটত ৩৭৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত শ্ৰীলংকা এ ৪৭.১ অভাৰত ৩১১ ৰান কৰি আউট হয়।

ইণ্ডিয়া এৰ জয়ৰ নায়ক আছিল ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী। ফাইনেলত তেওঁ মাত্ৰ ২৯টা বলত ৯৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। যুৱ বেটছমেনগৰাকীয়ে ১১টা ছয় আৰু ৬টা চাৰি ৰান কৰে। এই ইনিংছত বৈভৱে মাত্ৰ ১১টা বলত অৰ্ধশতক অৰ্জন কৰি লিষ্ট এ ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম পঞ্চাশৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ইফালে ৩৭৮ ৰানৰ বৃহৎ লক্ষ্য খেদি খেদি শ্ৰীলংকা এৰ আৰম্ভণি বেয়া আছিল। অ’পেনাৰ অবিষ্কা ফাৰ্নাণ্ডোক মাত্ৰ ৩ ৰানৰ বাবে আউট কৰা হয়। ইয়াৰ পিছতে ১৭টা বলত ২৫ ৰান সংগ্ৰহ কৰি নিৰোশন ডিকৱেলাই ৰান এৰি দিয়ে।

শ্ৰীলংকাৰ তৃতীয় উইকেটটো ২১ ৰানত আউট হোৱা নুৱানিডু ফাৰ্নাণ্ডোৰ ৰূপত পৰিল। ইয়াৰ পিছতে সদিৰা সমৰাৱিক্ৰমা আৰু চাহান আৰ্চচিগে ইনিংছ স্থিৰ কৰে। দুয়োজন বেটছমেনে দলৰ স্ক’ৰ ১০০ৰ ওপৰলৈ লৈ যায় যদিও অৰ্ধশতক অৰ্জন কৰি সমৰাৱিক্ৰামাই উইকেট হেৰুৱাই পেলায়। তেওঁ ৪৪টা বলত ৫২ ৰান সংগ্ৰহ কৰে, য’ত ৯টা চাৰিটাও আছিল।

১৪৯ ৰান কৰি আউট হয় ৰবিন্দু ফাৰ্নাণ্ডো।ফাৰ্নাণ্ডোৱে ১৯ ৰান সংগ্ৰহ কৰে। আৰাচিগেও ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে, ৩৮ ৰানত আউট হ’ল। ইয়াৰ পিছত ভি ভিয়াকান্ত আৰু ভানুজা চাহানে ৭৭ ৰানৰ অংশীদাৰিত্বৰে দলটোক লক্ষ্যৰ ওচৰলৈ নিয়াৰ চেষ্টা কৰে যদিও ভিয়াস্কান্তে ৩৪টা বলত ৩৯ ৰান সংগ্ৰহ কৰে, আৰু তাৰ পিছত ভানুজা চাহানে ৬২ ৰান কৰে।

ইনিংছৰ ৪৫ নং অভাৰত দুলাজ সমুধিথাই ১৫ ৰানত আউট হয়। অৱশেষত ২১ ৰান সংগ্ৰহ কৰা মহম্মদ শ্বিৰাজক আউট কৰি শ্ৰীলংকাৰ ইনিংছ শেষ হয়।

ইণ্ডিয়া এৰ হৈ যশ ঠাকুৰ আৰু বিপ্ৰজ নিগমে তিনিটাকৈ উইকেট দখল কৰে অনুকুল ৰায়ে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অশোক শৰ্মা আৰু তিলক ভাৰ্মাই এটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ইণ্ডিয়া এয়ে ৫০ অভাৰত ৯ উইকেটত ৩৭৭ ৰান সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীয়ে এই মেচত নেতৃত্ব দি ৯৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক তিলক বৰ্মাই ৬৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ৰুতুৰাজ গাইকৱাদে ৪০ ৰান, অনুকুল ৰায়ে ৩৯, প্ৰিয়ংশ আৰ্য্যই ৩৯, কুমাৰ কুশাগ্ৰাই ৩৬ ৰান আৰু বিপ্ৰজ নিগমে ২৭ ৰান আগবঢ়ায়।

শ্ৰীলংকা এ, কে মাথুলান, ফাৰ্নাণ্ডো আৰু চাহানে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে শ্বিৰাজ, আৰাচচিগে আৰু চামুদিথাই এটাকৈ উইকেট দখল কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande