তৃতীয় টি-২০ত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ ৩-০ত শৃংখলা জয়
চট্টগং (বাংলাদেশ), ২১ জুন (হি.স.)। অষ্ট্ৰেলিয়াই তৃতীয় আৰু অন্তিম টি-২০ত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলা ৩-০ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পূৰ্বে বাংলাদেশে এদিনীয়া শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰিছিল যদিও টি-২০ ফৰ্মেটত অষ্ট্ৰেলিয়াৰ
ऑस्ट्रेलिया (फोटो- आईसीसी सोशल मीडिया एक्स)


চট্টগং (বাংলাদেশ), ২১ জুন (হি.স.)। অষ্ট্ৰেলিয়াই তৃতীয় আৰু অন্তিম টি-২০ত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলা ৩-০ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পূৰ্বে বাংলাদেশে এদিনীয়া শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰিছিল যদিও টি-২০ ফৰ্মেটত অষ্ট্ৰেলিয়াৰ দলটোৱে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছিল।

দেওবাৰে চট্টগ্ৰামত অনুষ্ঠিত হোৱা খেলখনত বাংলাদেশে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল যদিও নিৰ্ধাৰিত ২০ অভাৰত তেওঁলোকৰ ইনিংছ ৮ উইকেটত ১০৯ ৰানত সীমাবদ্ধ আছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই সহজেই লক্ষ্যত উপনীত হয়, মাত্ৰ ১১ অভাৰত ৩টা উইকেট হেৰুৱাই ১১২ ৰান সংগ্ৰহ কৰে।

১১০ ৰানৰ ক্ষুদ্ৰ লক্ষ্য খেদি খেদি অষ্ট্ৰেলিয়াই দ্ৰুত আৰম্ভণি কৰে। অধিনায়ক মিচেল মাৰ্ছে উজ্জ্বল বেটিং কৰি মাত্ৰ ২৮টা বলত ৬০ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ৭টা চাৰি আৰু ৪টা ছয়। মাৰ্ছৰ উপৰিও জোছ ইংলিছে ১৭ ৰান আৰু কুপাৰ কনলিয়ে ১৫ ৰান সংগ্ৰহ কৰে। টিম ডেভিদে ১২ ৰান আৰু মেট ৰেনশ্ব’ই ৬ ৰাণত অপৰাজিত হৈ থাকে।

বাংলাদেশৰ হৈ শ্বোৰিফুল ইছলাম, নাছুম আহমেদ আৰু ৰিছাদ হুছেইনে এটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে যেতিয়া বাংলাদেশে বেটিং কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকৰ ইনিংছ সম্পূৰ্ণৰূপে থৰক-বৰক হৈ পৰিছিল। অধিনায়ক তৌহিদ হৃদয়ে অকলে যুঁজি ৫১টা বলত ৬১ ৰান সংগ্ৰহ কৰে, য’ত ৩টা চাৰি আৰু ৩টা ছয় অন্তৰ্ভুক্ত। তেওঁৰ উপৰিও ৰিছাদ হুছেইনে ১৬ ৰানৰ ইনিংছ খেলিছিল। এই দুজনৰ বাহিৰে আন কোনো বেটছমেনে আনকি ডাবল ফিগাৰত উপনীত হ’ব নোৱাৰিলে।

অষ্ট্ৰেলিয়াৰ হৈ স্পেন্সৰ জনছন, নাথান এলিছ আৰু এডাম জাম্পাই ২টাকৈ উইকেট দখল কৰাৰ বিপৰীতে নিখিল চৌধুৰীয়ে এটা উইকেট লাভ কৰে।

বিস্ফোৰক ইনিংছৰ বাবে মিচেল মাৰ্ছে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰাৰ বিপৰীতে সমগ্ৰ ছিৰিজত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা মেট ৰেনশ্ব’ই প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande