কামৰূপ মহানগৰৰ সকলো বিদ্যালয় চৌহদ পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ জৰুৰী নিৰ্দেশ
গুৱাহাটী, ২১ জুন(হি.স.)। কামৰূপ মহানগৰৰ সকলো বিদ্যালয় চৌহদ পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ জৰুৰী নিৰ্দেশ জাৰি কৰা হৈছে । জাপানৰ প্ৰধানমন্ত্ৰীৰ অনাগত অসম ভ্ৰমণৰ পূৰ্বে সকলো বিদ্যালয়ক দিয়া হৈছে উক্ত নিৰ্দেশনা । অভিযানত শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীকে জড়ি
কামৰূপ মহানগৰৰ সকলো বিদ্যালয় চৌহদ পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ জৰুৰী নিৰ্দেশ


গুৱাহাটী, ২১ জুন(হি.স.)। কামৰূপ মহানগৰৰ সকলো বিদ্যালয় চৌহদ পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ জৰুৰী নিৰ্দেশ জাৰি কৰা হৈছে । জাপানৰ প্ৰধানমন্ত্ৰীৰ অনাগত অসম ভ্ৰমণৰ পূৰ্বে সকলো বিদ্যালয়ক দিয়া হৈছে উক্ত নিৰ্দেশনা । অভিযানত শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীকে জড়িত কৰোৱাৰ নিৰ্দেশনা দিছে ।

কামৰূপ মেট্ৰ’ৰ সকলো বিদ্যালয়লৈ দিয়া হৈছে বিশেষ নিৰ্দেশনা । জিলাখনৰ সকলো বিদ্যালয় চাফ-চিকুণ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে । জাপানৰ প্ৰধানমন্ত্ৰী গৰাকী কামৰূপ মহানগৰ জিলাত থকা একাংশ বিদ্যালয় পৰিদৰ্শন কৰাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত নিৰ্দেশনা জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে ।

পৰিষ্কাৰ আৰু আকৰ্ষণীয় কৰিব লাগিব বিদ্যালয় চৌহদ । দেওবাৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আয়োজনৰ নিৰ্দেশ দিয়া হৈছে ।অভিযানত শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থীক জড়িত কৰোৱাৰ নিৰ্দেশ। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰিছে এই নিৰ্দেশনা ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande