যোগে সৈনিকৰ মনোবল আৰু সক্ষমতা বৃদ্ধি কৰে : সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী
শোণিতপুৰ, ২১ জুন (হি.স.) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তেজপুৰত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে যোগ হৈছে মানৱ জীৱনৰ এক সামগ্ৰিক অনুশীলন, যিয়ে শাৰীৰিক সুস্থতাৰ লগতে মানস
Chief of Army Staff General Upendra Dwivedi


Chief of Army Staff General Upendra Dwivedi


শোণিতপুৰ, ২১ জুন (হি.স.) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তেজপুৰত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে যোগ হৈছে মানৱ জীৱনৰ এক সামগ্ৰিক অনুশীলন, যিয়ে শাৰীৰিক সুস্থতাৰ লগতে মানসিক স্থিৰতা আৰু আধ্যাত্মিক শক্তি বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

তেজপুৰৰ মেঘনা ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উল্লেখ কৰে যে সেনাবাহিনীৰ জোৱানসকলে বহু সময়ত সীমান্ত অঞ্চল, উচ্চ পাহাৰীয়া এলেকা আৰু প্ৰতিকূল ভৌগোলিক পৰিস্থিতিত কৰ্ম সম্পাদন কৰিবলগীয়া হয়। এনে পৰিৱেশত শাৰীৰিক সক্ষমতাৰ লগতে মানসিক দৃঢ়তাও সমানে প্ৰয়োজনীয়।

তেওঁৰ মতে, নিয়মিত যোগাভ্যাসে সৈনিকসকলক চাপ নিয়ন্ত্ৰণ, একাগ্ৰতা বৃদ্ধি আৰু সুস্থ জীৱনধাৰণত সহায় কৰে।

সেনাপ্ৰধানগৰাকীয়ে কয় যে যোগে কেৱল শৰীৰক সবল নকৰে, ই মানুহৰ মনকো ইতিবাচক কৰি তোলে। দৈনন্দিন জীৱনত যোগক অন্তৰ্ভুক্ত কৰিলে কৰ্মক্ষমতা বৃদ্ধি পোৱাৰ লগতে ব্যক্তিৰ ভিতৰত আত্মবিশ্বাস আৰু আত্মনিয়ন্ত্ৰণৰো বিকাশ ঘটে।

ভাৰতীয় সেনাৰ শক্তি সম্পৰ্কে তেওঁ মন্তব্য কৰে যে সেনাবাহিনীৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে ইয়াৰ জোৱানসকল। উন্নত প্ৰশিক্ষণ, আধুনিক প্ৰযুক্তিৰ জ্ঞান আৰু অটল মনোবলৰ সমন্বয়েই ভাৰতীয় সেনাক অধিক শক্তিশালী কৰি তুলিছে। যিকোনো পৰিস্থিতিত দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে জোৱানসকল সদায় সজাগ আৰু প্ৰস্তুত বুলিও তেওঁ উল্লেখ কৰে।

অপাৰেচন সিন্দূৰৰ সফলতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত সুদৃঢ় সমন্বয় আৰু দলীয় মনোভাৱৰ ফলতেই অভিযানটো সফলভাৱে সম্পন্ন হৈছিল। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত এই সমন্বয় অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে।

অনুষ্ঠানৰ অন্তত সেনাপ্ৰধানগৰাকীয়ে সকলোকে নিয়মিত যোগাভ্যাস কৰাৰ আহ্বান জনাই কয় যে সুস্থ শৰীৰ, শান্ত মন আৰু দৃঢ় মানসিকতাই ব্যক্তি আৰু ৰাষ্ট্ৰ—উভয়ৰ উন্নয়নৰ ভেটি শক্তিশালী কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande