দেৰগাঁও টাউন নাথ নামঘৰৰ বছৰেকীয়া বৰসবাহ সম্পন্ন
দেৰগাঁও টাউন নাথ নামঘৰৰ বছৰেকীয়া বৰসবাহ সম্পন্ন।
দেৰগাঁও টাউন নাথ নামঘৰৰ বছৰেকীয়া বৰসবাহ সম্পন্ন


গোলাঘাট, ২১ জুন (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও টাউন নাথ নামঘৰৰ বছৰেকীয়া বৰসবাহ সম্পন্ন কৰা হয় । যোৱা কালি শনিবাৰে নিশা শিশু সকলৰ দ্বাৰা অভিনীত 'সিন্ধু মুনিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ' ভাওনাই আপ্লুত কৰিলে দৰ্শকক।

উল্লেখ্য় যে ১৯২৫ চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁও টাউন নাথ নামঘৰৰ বছৰেকীয়া বৰসবাহ ভাগ শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে মহা ধুমধামেৰে অনুষ্ঠিত হয় । এই বছৰেকীয়া বৰসবাহ ভাগকলৈ এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজমান হৈছিল। বৰসবাহ উপলক্ষে পুৱা স্মৃতি তৰ্পণ, নাম প্ৰসংগ, গাঁৱৰ বয়োজ্যেষ্ঠ সকলৰ আৰু মহিলা সকলে পৰিৱেশন কৰে দিহানাম, গায়নবায়ন প্ৰদৰ্শন, মাহ প্ৰসাদ বিতৰণ আৰু নিশা স্থানীয় শিশু শিল্পী সকলৰ দ্বাৰা 'সিন্ধু মুনিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ' ভাওনা প্ৰদৰ্শনৰ পাছতেই অনুষ্ঠান ভাগৰ সামৰণি পৰে । এই বৰসবাহ ভাগত বিশেষভাবে উপস্থিত থাকি দেৰগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি বিধায়ক ড° মৃদুল কুমাৰ দত্তই সেৱা আগবঢ়ায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande