মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশ্বৰ বিনিয়োগকাৰীসকলৰ অন্যতম প্রিয় ঠাই হৈ পৰিছে অসম-বিজেপি
পূর্বে দুর্গম আৰু অসুৰক্ষিত বুলি ভৱা অসম এতিয়া দেশ-বিদেশৰ পৰ্যটকসকলৰ আকৰ্ষণৰ মূল কেন্দ্ৰ বিন্দু গুৱাহাটী, ২১ জুন (হি.স.)। বসুধৈৱ কুটুম্বকম অর্থাৎ সমগ্র পৃথিৱীখনেই আমাৰ পৰিয়াল এই আপ্ত বাক্যশাৰী প্ৰাক ঐতিহাসিক যুগতেই মহা উপনিষদত লিপিবদ্ধ কৰি মহান
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখপাত্র প্রাঞ্জল কলিতা আৰু আন দলীয় নেতা


পূর্বে দুর্গম আৰু অসুৰক্ষিত বুলি ভৱা অসম এতিয়া দেশ-বিদেশৰ পৰ্যটকসকলৰ আকৰ্ষণৰ মূল কেন্দ্ৰ বিন্দু

গুৱাহাটী, ২১ জুন (হি.স.)। বসুধৈৱ কুটুম্বকম অর্থাৎ সমগ্র পৃথিৱীখনেই আমাৰ পৰিয়াল এই আপ্ত বাক্যশাৰী প্ৰাক ঐতিহাসিক যুগতেই মহা উপনিষদত লিপিবদ্ধ কৰি মহান ঋষি-মুনিসকলে বিশ্বৰ সকলো প্ৰান্তৰ লোকৰ সৈতে ভাৰতবৰ্ষৰ সুসম্পৰ্কৰ কথা উল্লেখ কৰি গৈছে । প্রাচীন গ্রন্থসমূহত উল্লেখিত অনুসৰি চিকিৎসা, সমৰ কলা, সাহিত্য, গণিত, সংগীত, জ্যোতিষ শাস্ত্র আদি বিষয়ৰে সমৃদ্ধ প্রাচীন ভাৰতবৰ্ষত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা জ্ঞান আহৰণৰ বাবে মানুহৰ সোঁত বৈছিল ।

কিন্তু কালক্রমত বিভিন্ন বিদেশী শত্রুরে ভাৰতবৰ্ষক আক্ৰমণ কৰি ঐশ্বৰ্য্য-বৈভৱসমূহত আঘাত সানিছে । দীর্ঘকাল ধৰি মোগল তথা ব্ৰিটিছৰ অধীন হৈ থকাৰ পিছতো বিদেশী শত্ৰুৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত দেশৰ গৌৰৱময় ইতিহাসক পুনৰুজ্জিৱিত কৰাৰ পথ প্রশস্ত হৈছিল যদিও কংগ্ৰেছৰ ভুল নীতি আৰু দেশৰ জাতিসমূহৰ মাজত সমান অধিকাৰ প্ৰদান নকৰা কাৰ্যই দেশৰ ঠায়ে ঠায়ে গঢ়ি উঠা বিচ্ছিন্নতাবাদী সংগঠনসমূহৰ বাবে অশান্ত পৰিৱেশৰ সৃষ্টি হৈছিল ।

ফলত ভাৰতবৰ্ষক বিশ্বৰ আগশাৰী ৰাষ্ট্ৰসমূহৰ পৰা পুনৰ বিচ্ছিন্ন কৰি তুলছিল আৰু সমগ্ৰ বিশ্বতে নেতৃত্ব বহন কৰা ভাৰতবৰ্ষ বিশ্বৰ চকুত এক দুর্গম তথা অসুৰক্ষিত ঠাই হিচাপে পৰিগণিত হৈছিল । কিন্তু ২০১৪ চনত ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰা পিছৰে পৰা ভাৰতবৰ্ষ পুনৰ বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী গৰাকীয়ে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিক প্ৰসাৰ আৰু প্ৰচাৰেৰে বিশ্বৰ জনসাধাৰণক ভাৰতবৰ্ষলৈ পুনৰ আকৃষ্ট কৰিছে। অসমৰ ক্ষেত্ৰতো দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু স্বপ্নদ্রষ্টা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মূল সুঁতিৰ পৰা আঁতৰি যোৱা ৰাজ্যৰ বিভিন্ন সংগঠনৰ সৈতে ১২ খনতকৈ অধিক শান্তি চুক্তিৰে অসমত স্থায়ী শান্তি আনিবলৈ সক্ষম হৈছে। পূর্বে গুলি বাৰুদৰ শব্দৰে ৰাতি পুওৱা অসম এতিয়া ডবা-শংখ আৰু হৰি নামেৰে মুখৰিত হৈ থাকে ।

কংগ্ৰেছৰ আমোলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দুর্গম তথা অসুৰক্ষিত চকুৰে চোৱা দেশ তথা বিশ্ববাসীয়ে বিজেপি চৰকাৰৰ দিনত নিজৰ আটাইতকৈ প্রিয় ভ্রমণ যোগ্য ঠাইৰ তালিকাত অন্তর্ভুক্ত কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাতি যাপন কৰি সমগ্ৰ বিশ্বতে উদ্যানখনৰ প্ৰচাৰেৰে অসমৰ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে পৰিগণিত হৈছে। যোৱা ২০২৫-২৬ বর্ষত মুঠ ৫ লাখ ৪৮ হাজাৰ পর্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে । তদুপৰি যোৱা বছৰটোত ৭০ লাখতকৈও অধিক যাত্ৰীয়ে অসমৰ বিমান বন্দৰ ব্যৱহাৰ কৰিছে। উল্লেখযোগ্য যে যোৱা ৮ আৰু ৯ জুন তাৰিখে ইউৰোপৰ ২৭ খন দেশৰ প্রতিনিধিত্ব কৰা ইউৰোপিয়ান ইউনিয়নে অসম ভ্রমণ কৰাৰ পিছতে অসমৰ বৰ্তমানৰ শান্তিময় পৰিৱেশ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ২০ জুন তাৰিখে ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা বাতিল কৰা কথা ঘোষণা কৰে ।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদ মেলযোগে মুখপাত্র প্রাঞ্জল কলিতাই কয় যে ইউৰোপিয়ান ইউনিয়নৰ ঘোষণাই অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিব। ব্লু-ভেলী ক্লাষ্টাৰ জৰিয়তে ইউৰোপিয়ান ইউনিয়নে অসমত বিনিয়োগ তথা উদ্যোগ স্থাপনৰ পদক্ষেপ গ্ৰহণৰ পিছতে এই ঘোষণাই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰতো নতুন আশাৰ বাট মুকলি কৰিছে। ইয়াৰ পূৰ্বেও অস্ট্রেলিয়া তথা জাপানে তেওঁলোকৰ নাগৰিকসকলৰ বাবে অসমৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা বাতিল কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসম পৰ্যটকসকলৰ আকৰ্ষণৰ মূল কেন্দ্রবিন্দু হিচাপে পৰিগণিত হৈছে । অসম চৰকাৰে হোমষ্টে নিৰ্মাণৰ বাবে প্ৰদান কৰা পুঁজিৰ বাবে ৰাজ্যৰ যুৱক-যুৱতীসকলো আত্মনিৰ্ভৰ হ'বলৈ সক্ষম হৈছে । তদুপৰি কেন্দ্ৰীয় চৰকাৰে বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বৌদ্ধ চার্কিত হিচাপে অন্তৰ্ভূক্ত কৰাৰ ফলত পৰ্যটন ক্ষেত্রই অনন্য মাত্রা লাভ কৰিছে। তদুপৰি অসমক কনচার্ট হাব হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ বাবে বিশ্বৰ আগশাৰীৰ সংগীত শিল্পীসমূহক আমন্ত্ৰণ কৰাৰ ফলতো দেশৰ যুৱ প্ৰজন্মৰ বাবে অসম এক প্রিয় ঠাই হিচাপে পৰিগণিত হৈছে ।

তদুপৰি অসমৰ ষ্টেডিয়ামসমূহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্রিকেট খেল, আইপিএল আদি অনুষ্ঠিত কৰাৰ ফলত অসমত পৰ্যটকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । বিজেপি চৰকাৰৰ আমোলত অসমৰ জিডিপিৰ ক্ষেত্ৰতো পর্যটন ক্ষেত্রই ১০ শতাংশ পর্যন্ত অংশীদাৰিত্ব বৃদ্ধি পাইছে। গতিকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসমৰ পৰ্যটন ক্ষেত্ৰৰ এক নতুন দিগন্তৰ সূচনা হোৱাই নহয় নিয়োগৰো বাট মুকলি হৈছে বুলি মুখপাত্ৰগৰাকীয়ে সংবাদমেলখনত উল্লেখ কৰে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande