অসম প্ৰিমিয়াৰ লীগ মুকলি–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে ল'গ' আৰু ট্ৰফী
গুৱাহাটী, ২১ জুন (হি.স.)। বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামৰ ৯১ গজ ক্লাব অডিটৰিয়ামত দেওবাৰে অসম ক্ৰিকেট সন্থাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰে অসম প্ৰিমিয়াৰ লীগ । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লীগৰ চৰকাৰী ল''গ'', ট্ৰফী আৰু অংশগ্ৰহণকাৰী দলসমূহৰ পৰিচয় উ
असम प्रीमियर लीग का शुभारंभ करते हुए मुख्यमंत्री डॉ हिमंत बिस्व सरमा। किया लोगो और ट्रॉफी का भी अनावरण।


असम प्रीमियर लीग से संबंधित तस्वीर।


গুৱাহাটী, ২১ জুন (হি.স.)। বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামৰ ৯১ গজ ক্লাব অডিটৰিয়ামত দেওবাৰে অসম ক্ৰিকেট সন্থাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰে অসম প্ৰিমিয়াৰ লীগ । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লীগৰ চৰকাৰী ল'গ', ট্ৰফী আৰু অংশগ্ৰহণকাৰী দলসমূহৰ পৰিচয় উন্মোচন কৰে।

এই অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সন্মানীয় সম্পাদক দেৱজিৎ লন শইকীয়া, এচিএৰ সভাপতি তৰাং গগৈ, সম্পাদক সনাতন দাস, বিভিন্ন ফ্ৰেঞ্চাইজিৰ মালিক, প্ৰশাসক আৰু ক্ৰিকেট জগতৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । এচিএই ইয়াক ৰাজ্যৰ ক্ৰিকেটাৰসকলৰ বাবে এক সংগঠিত আৰু থলুৱা প্ৰতিযোগিতামূলক মঞ্চৰ আৰম্ভণি বুলি অভিহিত কৰে ।

অনুষ্ঠানৰ আৰম্ভণিতে অসম প্ৰিমিয়াৰ লীগৰ সভাপতি ৰাজদ্বীপ ওঝাই আদৰণি ভাষণেৰে অনুষ্ঠিত হয় । তেওঁ লীগৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি উদীয়মান ক্ৰিকেটাৰসকলক পেছাদাৰী সুযোগ প্ৰদান আৰু ৰাজ্যৰ ঘৰুৱা ক্ৰিকেটৰ স্তৰক নতুন উচ্চতালৈ উন্নীত কৰাত এই প্ৰতিযোগিতাখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে ।

এ পি এলৰ প্ৰথম সংস্কৰণত ৮টা দলে অংশগ্ৰহণ কৰিব: যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, বৰাক লিজেণ্ডছ, নগাঁও ৰেঞ্জাৰছ, বৰপেটা ব্ৰেভছ, গুৱাহাটী ৰয়েলছ, আৰু চৰাইদেউ ছানৰাইজাৰ্ছ। ষ্টাৰ স্প’ৰ্টছত লাইভ সম্প্ৰচাৰৰ লগতে জিঅ’হটষ্টাৰত লাইভ প্ৰচাৰ কৰা হ’ব এই খেলসমূহ।

অনুষ্ঠানটোৰ এটা ডাঙৰ আলোকপাত আছিল লীগৰ উদ্বোধনী সংস্কৰণত অংশগ্ৰহণ কৰা আঠখন ফ্ৰেঞ্চাইজিৰ আনুষ্ঠানিক ঘোষণা। এই দলসমূহৰ ভিতৰত আছে যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, বৰাক লিজেণ্ডছ, নগাঁও ৰেঞ্জাৰছ, বৰপেটা ব্ৰেভছ, গুৱাহাটী ৰয়েলছ, আৰু চৰাইদেউ ছানৰাইজাৰ্ছ। এই আটাইকেইটা দলে অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণত খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ক্ৰিকেটে অসমবাসীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে আৰু অসম প্ৰিমিয়াৰ লীগে ৰাজ্যত ক্ৰিকেটৰ বাবে এক নতুন যুগৰ সূচনা কৰিছে। তেওঁ আস্থা প্ৰকাশ কৰে যে এই লীগে যুৱ খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব আৰু আগন্তুক বছৰবোৰত দেশৰ অন্যতম প্ৰভাৱশালী ৰাজ্যিক পৰ্যায়ৰ লীগ হিচাপে পৰিগণিত হ’ব।

বি চি চি আইৰ সন্মানীয় সম্পাদক দেৱজিৎ শইকীয়াই কয় যে শক্তিশালী ঘৰুৱা ক্ৰিকেটৰ বিকাশৰ বাবে এনে পেছাদাৰী ৰাজ্যিক পৰ্যায়ৰ লীগ অতি গুৰুত্বপূৰ্ণ। তেওঁ এচিএৰ এই পদক্ষেপক প্ৰশংসা কৰে আৰু ইয়াৰ সফল অনুষ্ঠানৰ কামনা কৰে। লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্ব আৰু ক্ৰীড়া খণ্ডত অসমৰ বাবে এক নতুন পৰিচয় প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

এচিএই কয় যে ল’গ’, ট্ৰফী, আৰু ফ্ৰেঞ্চাইজি পৰিচয় উন্মোচনে লীগৰ প্ৰথম পৰ্যায়ত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। অনাগত সপ্তাহত খেলুৱৈৰ নিলাম, মেচৰ সময়সূচী, আৰু অন্যান্য ব্যৱস্থা সম্পৰ্কে ঘোষণা কৰা হ'ব।--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande