
গুৱাহাটী, ২১ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্রতিষ্ঠাপক ড০ কেশৱ বলিৰাম হেডগেৱাৰৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক, শ্ৰদ্ধাৰ ড° কেশৱ বলিৰাম হেডগেৱাৰ ডাংগাৰীয়াৰ মৃত্যু বাৰ্ষিকীত ভাৰত মাতাৰ এগৰাকী একনিষ্ঠ ভক্তক তেওঁৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁৰ সমগ্ৰ জীৱন, জাতি-নিৰ্মাণৰ উদাৰ আদৰ্শৰ প্ৰতি উৎসৰ্গিত, আৰু তেওঁৰ 'ৰাষ্ট্ৰ প্ৰথম' দৰ্শন আমাক অনুপ্ৰাণিত কৰিছিল আৰু আগলৈও অনুপ্ৰাণিত কৰি থাকিব ।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ