(আপডেট)গোৰেশ্বৰৰ দলংঘাটত ৰেল'ৰ খুন্দাত নিহত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী
তামুলপুৰ, ২১ জুন (হি.স.)। গোৰেশ্বৰত সংঘটিত মৰ্মান্তিক ঘটনা । গোৰেশ্বৰৰ দলংঘাটত ৰেল''ৰ খুন্দাত নিহত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ । টিউচনৰ পৰা আহি উন্মুক্ত ৰেল গেটেৰে পাৰ হৈছিল তিনিগৰাকী ছাত্ৰী । হঠাৎ আহি পোৱা ৰেলে মহতিয়াই নিয়ে অনন্যা ডেকা নামৰ ছাত্ৰী
(আপডেট)গোৰেশ্বৰৰ দলংঘাটত ৰেল'ৰ খুন্দাত নিহত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী


তামুলপুৰ, ২১ জুন (হি.স.)। গোৰেশ্বৰত সংঘটিত মৰ্মান্তিক ঘটনা । গোৰেশ্বৰৰ দলংঘাটত ৰেল'ৰ খুন্দাত নিহত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ।

টিউচনৰ পৰা আহি উন্মুক্ত ৰেল গেটেৰে পাৰ হৈছিল তিনিগৰাকী ছাত্ৰী । হঠাৎ আহি পোৱা ৰেলে মহতিয়াই নিয়ে অনন্যা ডেকা নামৰ ছাত্ৰী গৰাকীৰ ।

কথমপি প্ৰাণ ৰক্ষা পৰে আন দুগৰাকী ছাত্ৰীৰ ।

মৃত ছাত্ৰী গৰাকীৰ ঘৰ গোৰেশ্বৰৰ গুৰমৌ গাঁৱত। উল্লেখ্য যে এখন দলঙৰ অভাৱত প্ৰতিদিনে ৰে'ল গেতেৰে অহা-যোৱা কৰিব হ'বলগীয়া হয় অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে । ২০১০ চনতে হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰা এখন দলং আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল । যাৰ বাবে প্ৰতিদিনে বিপদ সংকুলভাৱে উন্মুক্ত ৰেল গেতেৰে পাৰ হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ ৰাইজে । আজি সংঘটিত হয় উক্ত শোকাবহ দূৰ্ঘটনাটো । এই ঘটনাৰ পিছতে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ।

হাগ্ৰামা মহিলাৰী মূৰ্দাবাদ,এমচিএলএ মহেশ্বৰ বসুমতাৰী মূৰ্দাবাদ ,দলং আমাক লাগিবই আদি শ্লোগানেৰে ৰাইজে প্ৰতিবাদ কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande