
–প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী প্ৰেৰণাৰে যোগ বিশ্বজুৰি এক গণ আন্দোলনত পৰিণত হৈছে: সভাপতি দিলীপ শইকীয়া
–যোগৰ দৰে হাজাৰ বছৰীয়া প্ৰাচীন ভাৰতীয় সভ্যতা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বজুৰি বিস্তাৰ হৈছে: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
গুৱাহাটী, ২১ জুন (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত দলৰ শতাধিক কাৰ্যকৰ্তাই দিশপুৰ সমষ্টিৰ ৰাজধানী মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
সভাপতি শইকীয়াই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী প্ৰেৰণাৰে আজি যোগ বিশ্বজুৰি এক গণ আন্দোলনত পৰিণত হৈছে। যোগ কেৱল শৰীৰৰ ব্যায়াম নহয়, ই শাৰীৰিক, বৌদ্ধিক, মানসিক আৰু আধ্যাত্মিক শক্তিক একত্ৰিত কৰাৰ এক মাধ্যম। লগতে সভাপতিগৰাকীয়ে সামূহিক যোগাভ্যাসে মনলৈ এক অপূর্ব সন্তুষ্টি আৰু পবিত্রতা কঢ়িয়াই আনে বুলিও ব্যক্ত কৰে।
আনহাতে গুৱাহাটীৰ নদীপাৰ সতী ৰাধিকা উদ্যানত আয়োজিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোগাভ্যাসে সকলোৰে মনলৈ শান্তি, শৰীৰলৈ শক্তি আৰু জীৱনলৈ ইতিবাচকতা কঢ়িয়াই আনে। হাজাৰ বছৰৰ প্ৰাচীন ভাৰতীয় সভ্যতাৰ এই অমূল্য সাধনাক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি বিশ্বজুৰি বিস্তাৰ কৰিবলৈ সক্ষম হোৱাটো সঁচাকৈয়ে ভাৰতবাসীৰ বাবে এক গৌৰৱৰ বিষয়।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১২ বছৰীয়া যাত্ৰাৰ এই বিশেষ ক্ষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যুগদ্রষ্টা প্রধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত যোগ আজি এক বিশ্বব্যাপী জনআন্দোলনলৈ ৰূপান্তৰ হৈছে। উল্লেখযোগ্য যে আজি একে সময়তে অসমৰ ২৩,৪৯৮ খন গাঁৱৰ ৩৭,৩৮৩ টা স্থানত যোগ অনুষ্ঠান আয়োজন কৰা হৈছে। আত্মসহায়ক গোটৰ ৩২ লাখৰো অধিক সদস্যাৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে উৎসাহেৰে অংশগ্রহণ কৰি সুস্থ জীৱনশৈলী আৰু সমন্বয়ৰ এক শক্তিশালী বার্তা প্ৰেৰণ কৰিছে।
লগতে বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ ৩৯৫ টা মণ্ডলৰ লগতে দলৰ ৩০ হাজাৰতকৈও অধিক বুথত লাখ লাখ কাৰ্যকৰ্তাই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুলি দলৰ মুখপাত্র প্রাঞ্জল কলিতাই সংবাদ মাধ্যমক এই প্রেছ বিবৃতিযোগে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী