
ওদালগুৰি, ২১ জুন (হি.স.)। ওদালগুৰি ৰৌতাত পুনৰ বালিভর্তি ডাম্পাৰ জব্দ বন বিভাগৰ | আজি ৰৌতাৰ ঝাৰগাঁৱত এএছ২৫ ডিচি ৮৯৩৩ নম্বৰৰ এখন বালিভর্তি ডাম্পাৰ জব্দ কৰে মাজবাট আঞ্চলিক বন বিষয়াৰ দলে |
চালনবিহীন ভাৱে বালি কঢ়িয়াই ৰৌতাৰ পৰা খাৰুপেটীয়া অভিমুখে গৈ আছিল ডাম্পাৰখন | ৰৌতাৰ ঝাৰগাঁৱত বন বিভাগৰ তালাচীত জব্দ কৰা হয অবৈধ বালিভর্তি ডাম্পাখন| ঘটনাস্থলীৰ পৰা বন বিভাগে বালিভর্তি ডাম্পাৰখন লৈ যায় মাজবাটৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ |
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু