গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্ৰীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন অসম আৰক্ষীৰ
গুৱাহাটী, ২১ জুন (হি.স.)। অসম আৰক্ষীৰ উদ্যোগত আজি পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্ৰীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। এই দিৱসৰ কাৰ্যসূচীত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান মুন্না
গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্ৰীয়ভাৱে  আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন অসম আৰক্ষীৰ


গুৱাহাটী, ২১ জুন (হি.স.)। অসম আৰক্ষীৰ উদ্যোগত আজি পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্ৰীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।

এই দিৱসৰ কাৰ্যসূচীত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তাৰ লগতে তদাৰকী আৰু দুৰ্নীতি নিবাৰণ বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰ, আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিং, প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং, অপৰাধ অনুসন্ধান বিভাগৰ আৰক্ষী মহাপৰিদৰ্শক সংযুক্তা পৰাশৰ প্ৰমুখ্যে আৰক্ষীৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অফ কালচাৰৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত আৰক্ষীৰ বহুসংখ্যক কৰ্মচাৰী আৰু জোৱান উপস্থিত থাকি সকলোৱে কেইবাগৰাকীও যোগগুৰুৰ পৰিচালনাত অনুষ্ঠিত যোগৰ অনুশীলনত অংশ গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande