
শোণিতপুৰ, ২০ জুন (হি.স.)। জামুগুৰিহাটৰ খৃষ্টানবস্তিৰ মংগবৰীয়াত যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যু হোৱা নাৱালিকা ছাত্ৰীৰ ন্যায় বিচাৰি যোৱা কালি শুকুৰবাৰে নিশা তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰা হয় ৷ হাতে হাতে মম লৈ নিশা জামুগুৰিহাটৰ উত্তৰাঞ্চলত ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।
প্ৰতিবাদকাৰী সকলে নাবালিকা গৰাকীৰ যৌন নিৰ্যাতনৰ অভিযুক্ত অপু বৰা ওৰফে প্ৰিন্সৰ কথোৰ শাস্তিৰ দাৱীৰ লগতে ফাঁচিৰ দাৱী উত্থাপন কৰে ৷ প্ৰতিবাদকাৰী সকলে ইতিমধ্যে মৃত্যু হোৱা নৱম শ্ৰেণীৰ নাবালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ আদায় দিয়াৰো দাৱী উত্থাপন কৰে জিলা প্ৰশাসনক ৷ মৃত নাবালিকা গৰাকীৰ পৰিয়ালবৰ্গই ও উপযুক্ত ক্ষতিপুৰণৰ দাৱী জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনক উপযুক্ত তদন্তৰ জৰিয়তে নিৰ্লজ্জ ঘটনাৰ লগত জঢ়িত আন দোষীকো গ্ৰেপ্তাৰ কৰি কথোৰ শাস্তিৰ দাৱী জনায় ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু