নলবাৰীত আজি ৰাভা দিৱস উদযাপন
নলবাৰী, ২০ জুন (হি.স.)। আজি ৰাভা দিৱস । কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে জীপাল হৈ পৰিছে ৰাজ্য। ৰাভাদেৱৰ সৃষ্টিৰাজিৰে জীপাল হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। লগতে বিদ্যালয়, মহাবিদ্যালয়ত পালন কৰা হৈছে ৰাভা দিৱস। সমান্তৰালকৈ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ বড়ি
নলবাৰীত আজি ৰাভা দিৱস উদযাপন


নলবাৰী, ২০ জুন (হি.স.)। আজি ৰাভা দিৱস । কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে জীপাল হৈ পৰিছে ৰাজ্য। ৰাভাদেৱৰ সৃষ্টিৰাজিৰে জীপাল হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। লগতে বিদ্যালয়, মহাবিদ্যালয়ত পালন কৰা হৈছে ৰাভা দিৱস।

সমান্তৰালকৈ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ বড়িগোগ বনভাগ শিক্ষাৰ খণ্ডৰ অন্তৰ্গত বৰাজোল ধুৰকুছিয়াপাৰা প্ৰাথমিক বিদ্যালয়তো শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে ৰাভাদেৱৰ সৃষ্টিৰাজিৰে জীপাল কৰিছে বিদ্যালয় । সামাজিক-সাংস্কৃতিক তথা জাতীয় জীৱনলৈ অপৰিসীম অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণু প্ৰসাদ ৰাভাদেৱক প্ৰতি সন্মান জনাই প্ৰতিবছৰে ২০ জুন তাৰিখে পালন কৰা হয় ৰাভা দিৱস ।

উল্লেখ্য় যে ১৯৬৯ চনৰ আজিৰ দিনটোতে তেজপুৰত মহাপ্ৰয়াণ ঘটিছিল এই গৰাকী মহান গণ শিল্পীৰ । আধুনিক অসমৰ ইতিহাসত যিসকল মহান ব্যক্তিত্বই যুগ যুগ ধৰি সমাজক অনুপ্ৰাণিত কৰি আহিছে, তেওঁলোকৰ ভিতৰত বিষ্ণু প্ৰসাদ ৰাভা হ'ল এটা উজ্জ্বল জ্যোতিষ্ক ।

উল্লেখ্য় যে বিষ্ণু প্ৰসাদ ৰাভা কেৱল এজন বিপ্লৱী শিল্পীয়েই নাছিল, তেওঁ আছিল মানুহৰ মুক্তি, মৰ্যদা আৰু সাম্যৰ বাবে জীৱন উৎসৰ্গা কৰা এজন গভীৰ মানৱপ্ৰেমী । আজি ৰাজ্য জুৰি গীতে মাতে অসমীয়াৰ প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক স্মৰণ কৰা হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande