
ধুবুৰী, ২০ জুন (হি.স.)। গোলকগঞ্জ আৰক্ষীৰ জালত কুখ্যাত মহিলা ড্ৰাগছ সৰবৰাহকাৰী নুৰিমা খাতুন ওৰফে পাগলী। মহিলা গৰাকীৰ পৰা ৩০ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ ।গোলকগঞ্জ পৌৰসভাৰ ১ নং ৱাৰ্ডত ঘৰ মহিলা গৰাকীৰ।
গোলকগঞ্জ থানাৰ চক্ৰ আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ৰ নিৰ্দেশত আৰক্ষীয়ে চলাইছিল অভিযান। দীৰ্ঘদিনৰ পৰাই মহিলা গৰাকীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আৰক্ষী চলাইছিল অভিযান।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ