মিজোৰাম চৰকাৰৰ সহযোগিতাত ছাইৰাং ৰেলৱে ষ্টেচনত সেউজ পদক্ষেপ গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ
গুৱাহাটী, ২০ জুন,(হি.স.)। পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ প্ৰসাৰ, যাত্ৰী সা-সুবিধা বৃদ্ধি আৰু সামূহিক অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে উত্তৰ-পূব সীমান্ত ৰেলৱেই মিজোৰাম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আৰু ‘ক্লিন এণ্ড গ্ৰীন
মিজোৰাম চৰকাৰৰ সহযোগিতাত ছাইৰাং ৰেলৱে ষ্টেচনত সেউজ পদক্ষেপ গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ


গুৱাহাটী, ২০ জুন,(হি.স.)। পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ প্ৰসাৰ, যাত্ৰী সা-সুবিধা বৃদ্ধি আৰু সামূহিক অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে উত্তৰ-পূব সীমান্ত ৰেলৱেই মিজোৰাম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আৰু ‘ক্লিন এণ্ড গ্ৰীন ৰিভ’ল্যুশ্বন মিজোৰাম’ৰ সৈতে সহযোগিতাৰে ছাইৰাং ৰেলৱে ষ্টেচন পৰিসৰত অলপতে বৃক্ষৰোপণ, সৌন্দৰ্যকৰণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ আয়োজন কৰে। এই কাৰ্যসূচীয়ে সকলো অংশীদাৰৰ সহযোগিতাৰে অধিক পৰিচ্ছন্ন, সেউজ আৰু যাত্ৰী-অনুকূল ৰেলৱে ষ্টেচন নিৰ্মাণ কৰাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশত এই ৰেলৱেৰ সমৰ্পন মনোভাৱকে প্ৰতিফলিত কৰিছে।

এই পদক্ষেপৰ এক অংশ হিচাপে ষ্টেচন প্ৰাঙ্গণৰ ভিতৰত আৰু চৌপাশে বৃক্ষ ৰোপণ, ফুলৰ বাগিচা উন্নয়ন আৰু বিস্তৃত স্বচ্ছতা অভিযান চলোৱা হয়, যিয়ে ষ্টেচনৰ নান্দনিক সৌন্দৰ্য আৰু পাৰিপাৰ্শ্বিক মূল্যবোধক সমৃদ্ধ কৰিছে। মিজোৰাম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ৫০টা এপ্ৰিল গছৰ পুলি আৰু ৫০টা চাওনপুই গছৰ পুলি প্ৰদান কৰি এক উল্লেখনীয় সহায় আগবঢ়ায়। এই বৃক্ষৰোপণে ষ্টেচনৰ চৌপাশ সেউজকৰণ সমৃদ্ধ কৰাৰ লগতে স্থানীয় পৰিৱেশৰ উন্নতকৰণ, জীৱবৈচিত্ৰ্যৰ প্ৰতি সঁহাৰি আগবঢ়োৱাৰ লগতে যাত্ৰী, ৰেলৱে কৰ্মচাৰী আৰু স্থানীয় বাসিন্দাসকলৰ বাবে অধিক স্বাস্থ্যসন্মত আৰু আনন্দদায়ক পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ক্লিন এণ্ড গ্ৰীন ৰিভ’ল্যুশ্বন, মিজোৰামৰ অধ্যক্ষা মিচেছ লালমালচাওমীয়ে ছাইৰাং ৰেলৱে ষ্টেচনক ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ, সেউজ আৰু সুন্দৰ ৰেলৱে ষ্টেচনসমূহৰ অন্যতম ষ্টেচন ৰূপে গঢ়ি তোলাৰ দিশত এই সংগঠনৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰে। তেওঁ উত্তৰ-পূব সীমান্ত ৰেলৱে আৰু মিজোৰাম চৰকাৰৰ সহায় আৰু সহযোগিতাৰ প্ৰশংসা কৰি কয় যে এই সৌন্দৰ্যকৰণ ব্যৱস্থাই ষ্টেচনৰ পৰিৱেশ অধিক উন্নত কৰি যাত্ৰী আৰু পৰ্যটকসকলৰ বাবে এক আমন্ত্ৰণমূলক অভিজ্ঞতাৰ সৃষ্টি কৰিব।

কাৰ্যসূচীত মিজোৰাম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কনজাৰ্ভেটৰ (প্লেনিং) শ্ৰী অগ্নি মিত্ৰ, জো হাইৱে আৰু এগ্ৰিকালচাৰ ডেভেলপমেণ্ট কোম্পানী লিমিটেডৰ চেয়াৰমেন পু জে কে ডাওংজুৱালা আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল। উপস্থিত গণ্যমান্য ব্যক্তিসকলে এই পদক্ষেপৰ প্ৰশংসা কৰি পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন সম্প্ৰসাৰণৰ দিশত সামূহিক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই অভিযানত ছিহমুইৰ আত্মসহায়ক গোটৰ সদস্য, ছাইৰাঙৰ বাণিজ্যিক বাহন ইউনিয়ন, স্থানীয় বাসিন্দা আৰু ৰেলৱে বিষয়াসকলৰ উৎসাহী অংশগ্ৰহণ প্ৰত্যক্ষ কৰা যায় যিয়ে পাৰিপাৰ্শ্বিক তত্ত্বাৱধান আৰু ৰাইজৰ কল্যাণৰ প্ৰতি সামূহিক দায়িত্ববোধকে প্ৰতিফলিত কৰে।

উত্তৰ-পূব সীমান্ত ৰেলৱেই চৰকাৰী সংস্থা, স্থানীয় সংগঠন আৰু ৰাইজৰ সৈতে সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ সম্প্ৰসাৰণ কৰি আহিছে। এনে পদক্ষেপসমূহে অধিক পৰিচ্ছন্ন, সেউজ আৰু যাত্ৰী-অনুকূল ৰেলৱে পৰিৱেশ গঢ়ি তোলাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি অধিক সচেতনতা বৃদ্ধি কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande