
কামৰূপ, ২০ জুন (হি.স.)। ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই আজি বকো-ছয়গাঁওত আধুনিকীকৰণ কমাণ্ড এৰিয়া উন্নয়ন (এম চি এ ডি) পাইলট প্ৰকল্পৰ অধীনৰ ছিংগুৱা ফ্ল' ইৰিগেচন স্কীম (এফ আই এছ) ক্লাষ্টাৰ আৰু সৌৰশক্তিচালিত মোবাইল লিফ্ট ইৰিগেচন স্কীম পৰিদৰ্শন কৰি প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীসমূহত বিস্তৃত পৰিদৰ্শন কৰাৰ লগতে অভিযন্তা, আৰু অন্যান্য কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁলোকৰ পৰা প্ৰকল্প দুটাৰ কাৰিকৰী দিশ, ৰূপায়ণ প্ৰক্ৰিয়া, উদ্ভাৱনীমূলক বৈশিষ্ট্য আৰু সম্ভাৱ্য সুফল সম্পৰ্কে সবিশেষ জানিবলৈ সক্ষম হয়। লগতে স্থানীয় কৃষক আৰু ৰাইজৰ সৈতেও মত-বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু আশা-আকাংক্ষাৰ বুজ লয়।
মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ আধুনিকীকৰণ কমাণ্ড এৰিয়া উন্নয়ন (এম চি এ ডি) কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা ছিংগুৱা এফ আই এছ ক্লাষ্টাৰ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জল ব্যৱহাৰৰ দক্ষতা বৃদ্ধি আৰু আধুনিক জলসিঞ্চন ব্যৱস্থাপনা গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই প্ৰকল্পই অঞ্চলটোৰ কৃষকসকলক অধিক জলসিঞ্চন সুবিধা প্ৰদান কৰি কৃষি উৎপাদন বৃদ্ধিত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰা হয়।
ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে সৌৰশক্তিচালিত মোবাইল লিফ্ট ইৰিগেচন স্কীম পৰিদৰ্শন কৰে। দুৰ্গম আৰু বানপ্ৰৱণ অঞ্চলসমূহত কম ব্যয়ত জলসিঞ্চন সুবিধা প্ৰদানৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই উদ্ভাৱনীমূলক ব্যৱস্থাত সৌৰশক্তিচালিত ভাসমান পাম্প ষ্টেচনৰ জৰিয়তে দক্ষতাপূৰ্ণভাৱে পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰকল্পটোৰ উদ্ভাৱনীমূলক ধাৰণা আৰু কৃষকসকলৰ বাবে ইয়াৰ সম্ভাৱ্য উপযোগিতাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে বিস্তৃতভাৱে অৱগত হয়।
প্ৰকল্পসমূহৰ সময়মতে আৰু গুণগত মান বজাই ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে, যাতে কৃষকসকলে শীঘ্ৰেই ইয়াৰ সুফল লাভ কৰিব পাৰে। লগতে ৰাজ্য চৰকাৰে কৃষক কল্যাণ, কৃষি উৎপাদন বৃদ্ধি আৰু আধুনিক জলসিঞ্চন আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ পুনৰ উল্লেখ কৰে।
এই পৰিদৰ্শন কাৰ্যসূচীত বিধায়ক ৰাজু মেছ, জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, প্ৰকল্প পৰামৰ্শদাতা আৰু স্থানীয় প্ৰতিনিধিসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী