কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰূপসজ্জাৰ শিল্পী হোমেশ্বৰ শৰ্মাৰ বাসগৃহত সংৰক্ষিত হৈ থকা বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য্য ফণী শৰ্মাৰ দুখনকৈ আপুৰুগীয়া আলোকচিত্ৰ কলাগুৰুৰ পুত্ৰ আৰু জিলা আয়ুক্তক প্ৰদান
গুৱাহাটী, ২০ জুন (হি.স.)। বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি আয়োজিত তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ স্মৃতিচাৰণ সভাত সভাৰ সম্পাদক লুইত শৰ্মাই তেখেতৰ পৰিয়ালৰ তৰফৰ পৰা ফণী শৰ্মা আৰু বিষ্ণু ৰাভাৰ একেলগে থকা বহু পুৰণি আপুৰুগীয়া ফটো এখন সভালৈ উপহাৰ
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰূপসজ্জাৰ শিল্পী হোমেশ্বৰ শৰ্মাৰ বাসগৃহত সংৰক্ষিত হৈ থকা বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য্য ফণী শৰ্মাৰ দুখনকৈ আপুৰুগীয়া আলোকচিত্ৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদকে উপহাৰ দিলে কলাগুৰুৰ পুত্ৰ আৰু জিলা আয়ুক্তক


গুৱাহাটী, ২০ জুন (হি.স.)। বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি আয়োজিত তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ স্মৃতিচাৰণ সভাত সভাৰ সম্পাদক লুইত শৰ্মাই তেখেতৰ পৰিয়ালৰ তৰফৰ পৰা ফণী শৰ্মা আৰু বিষ্ণু ৰাভাৰ একেলগে থকা বহু পুৰণি আপুৰুগীয়া ফটো এখন সভালৈ উপহাৰ ৰূপে প্ৰদান কৰে আৰু বিষ্ণু ৰাভাৰ সমাধিক্ষেত্ৰলৈ গৈ তাৰে একোটি কপি বিধায়ক পৃথ্বিৰাজ ৰাজ ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ হাততো অৰ্পণ কৰে।

উল্লেখযোগ্য যে একালৰ বাণ থিয়েটাৰৰ অভিনেতা নটসূৰ্য্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বিশ্বস্ত ৰূপ সজ্জাৰ শিল্পী হোমেশ্বৰ শৰ্মাৰ ঘৰত থকা উক্ত ফটো খন পাছলৈ তেখেতৰ ভাতৃ প্ৰয়াত ভৰত শৰ্মাই সংৰক্ষণ কৰি থয় আৰু তাৰেই একো একোটা কপি তেখেতৰ পুত্ৰ তথা সভাৰ সম্পাদক লুইত শৰ্মাই বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি তেজপুৰ অ:ভা:উ:সা: সভাৰ লগতে বিধায়ক আৰু জিলা আয়ুক্তক সংৰক্ষণৰ বাবে আনুষ্ঠানিক ভাবে প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande