
গুৱাহাটী, ২০ জুন (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে অসমৰ সাংস্কৃতিক জাগৰণৰ মহানায়ক, শিল্পী, সাহিত্যিক, সংগীতজ্ঞ আৰু চিন্তাবিদ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
আজি এই উপলক্ষে সংগতি ৰাখি অসমৰ সমৃদ্ধ সাহিত্য, সাংস্কৃতিক জীৱনলৈ আগবঢ়োৱা অনন্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ ২০২৬ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটা প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ২০২৫ বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থাকিব বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ে সংবাদ মাধ্যমক অবগত কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ