
এন ই ই টি পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে
গুৱাহাটী,২০ জুন (হি.স.)। অসমৰ স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক শক্তিশালী, আধুনিক আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ) ,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যালয় আৰু চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় পৰিদৰ্শন কৰি বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী আৰু চলিত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰে।
পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্য খণ্ডৰ সামগ্ৰিক উন্নয়ন, সেৱাৰ মানদণ্ড বৃদ্ধি আৰু জনসাধাৰণলৈ অধিক ফলপ্ৰসূ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। তেওঁ স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ লগতে ‘হেল্থ ইমাৰ্জেন্সি অপাৰেচন চেন্টাৰ’ৰ কাৰ্যকলাপো প্ৰত্যক্ষ কৰে।
আনহাতে, কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (এন ই ই টি) উপলক্ষে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লয়। পৰীক্ষাৰ স্বচ্ছতা, নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পিছত তেওঁ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সমীপত নিৰ্মীয়মাণ ‘স্বাস্থ্য ভৱন’ৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে।
স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে পাঁচটা মূল নীতি ক্ৰমে সুস্থ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, স্থানীয় পৰ্যায়ত উন্নত চিকিৎসা সুবিধা, স্বাস্থ্যসেৱাৰ মান উন্নয়ন আৰু সম্পূৰ্ণ ডিজিটেলকৰণ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ‘স্বাস্থ্য ক্লাব’ৰ দৰে পদক্ষেপে স্বাস্থ্য ব্যৱস্থা অধিক শক্তিশালী কৰিব। লগতে, জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰি ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী