
অকলেণ্ড, ২০ জুন (হি.স.)। ভাৰতীয় মহিলা হকী দলটোৱে নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখি একেৰাহে চতুৰ্থবাৰৰ বাবে জয় পঞ্জীয়ন কৰি এফ আই এইচ মহিলা হকী নেচনছ কাপ নিউজিলেণ্ড ২০২৫-২৬ৰ ফাইনেলত প্ৰৱেশ কৰি শনিবাৰে একপক্ষীয় খেলত চিলিক ৬-০ গ’লত পৰাস্ত কৰে।
নৱনীত কৌৰ আৰু দীপিকাই দুটাকৈ গ’ল দিয়াৰ বিপৰীতে নেহা আৰু ঋতুজা দাদাসো পিছালে এটাকৈ গ’ল সংগ্ৰহ কৰে। অল-ৰাউণ্ডৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অধিনায়ক ছালিমা টেটেক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।
এতিয়া ভাৰতে ফাইনেলত আমেৰিকা আৰু আতিথ্য নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত বিজয়ী দলৰ মুখামুখি হ’ব।
খেলখনৰ আৰম্ভণিৰে পৰাই নিয়ন্ত্ৰণ বজাই ৰাখি ভাৰতে ষষ্ঠ মিনিটত প্ৰথমটো পেনাল্টি কৰ্ণাৰ ৰূপান্তৰিত কৰি অগ্ৰগতি লাভ কৰে। এক নিখুঁত শ্বটেৰে ভাৰতক ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে নৱনীত কৌৰে।
১৩ মিনিটত অধিনায়ক ছালিমা টেটে বাওঁফালৰ পৰা এক উজ্জ্বল পদক্ষেপ লৈ নৱনীতক বলটো পাছ কৰি দ্বিতীয়টো গ’ল দি ভাৰতৰ অগ্ৰগতি দুগুণলৈ বৃদ্ধি কৰে।
ইয়াৰ পাছতে দীপিকাই ১৪ আৰু ১৮ মিনিটত একেৰাহে দুটা পেনাল্টি কৰ্ণাৰ ৰূপান্তৰিত কৰি প্ৰথমাৰ্ধত ভাৰতক ৪-০ গ’লত কমাণ্ডিং অগ্ৰগতি প্ৰদান কৰে।
এই দুটা গ’লৰ লগে লগে প্ৰতিযোগিতাখনত দীপিকাৰ মুঠ গ’ল ছয়ত উপনীত হোৱাৰ লগে লগে তেওঁ সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হয়।
দ্বিতীয়াৰ্ধত ভাৰতীয় দলটোৱে আগ্ৰাসী খেল অব্যাহত ৰাখিলে। ৩২ মিনিটত পেনাল্টি কৰ্ণাৰত নেহাই গ’ললৈ ৰূপান্তৰিত কৰি ৫-০ গ’লত অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছতে ৩৯ মিনিটত মুকলি খেলৰ পৰা উজ্জ্বল ৰিভাৰ্ছ শ্বটেৰে ভাৰতৰ ষষ্ঠটো গ’ল দিয়ে ঋতুজা দাদাসো পিছালে।
অন্তিম কোৱাৰ্টাৰত চিলিয়ে দুই এটা সুযোগ সৃষ্টি কৰিছিল যদিও ভাৰতীয় গ’লৰক্ষক সবিতাই উৎকৃষ্ট ছেভ কৰি বিপক্ষক অস্বীকাৰ কৰিছিল।
শেষলৈকে ভাৰতে নিজৰ আধিপত্য বজাই ৰাখি ৬-০ গ’লত ব্যাপক জয়ৰে খিতাপৰ মেচখনত স্থান নিশ্চিত কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া