টেঙাগুৰি কছাৰি গাঁৱত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ
টেঙাগুৰি কছাৰি গাঁৱত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ।
টেঙাগুৰি কছাৰি গাঁৱত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ


মৰিগাঁও, ২০ জুন (হি.স.): মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ টেঙাগুৰি কছাৰি গাঁৱত যোৱা কালি শুকুৰবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়। মৰিগাঁও সদৰ আৰক্ষী নেতৃত্বত, ভূৰাগাও আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীৰ সহযোগত চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰে।

উল্লেখ্য় যে মহছিন আহমেদ ওৰফে ডেঞ্জাৰ বাপ্পি নামৰ ঘৰত যৌথভাবে অভিযান চলাই বহু লক্ষাধিক টকাৰ সামগ্ৰী সমূহ উদ্ধাৰ কৰে। অভিযানত আৰক্ষীয়ে দুখনকৈ চাৰিচকীয়া বাহন, এএছ ০১ এফএ ০০১৫ নম্বৰৰ এখন বলেৰ’ গাড়ী লগতে ঘৰৰ এখন মাৰুতি ব্ৰীজা গাড়ী জব্দ কৰে।

ইয়াৰ উপৰি বহু সংখ্য়ক এলইডি টিভি, পাৱাৰ হোণ্ডা, বিদ্যালয়ৰ স্মাৰ্ট ব'ৰ্ড, খালি চিলিণ্ডাৰ, ফেন আদি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে মহছিন আহমেদ ওৰফে ডেঞ্জাৰ বাপ্পি পূৰ্বে চুৰি কাৰ্য সংঘটিত কৰি বহুবাৰ জেল হাতলৈ যাবলগীয়া হৈছিল । আৰু বৰ্তমানো মৰিগাঁও আদালতত গোচৰ চলি আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande