
গোলাঘাট, ২০ জুন (হি.স.)। অসমীয়া জাতিৰ স্ৱাভিমান তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিৱস পালন কৰা হয় ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ আজি বোকাখাত নাট্য মন্দিৰৰ প্ৰাংগনত এই দিৱস পালন কৰে বোকাখাত নাট্য মন্দিৰ পৰিচালনা সমিতিয়ে ৷
সংগ্ৰামী শিল্পীগৰাকীৰ কালজয়ী এটি গীত স্হানীয় শিল্পীসকলে সমবেতভাবে পৰিবেশন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্বাঞ্জলী জ্ঞাপন কৰে ৷ পৰৱৰ্তীকালত নাট্য মন্দিৰৰ উদ্যোগত আড়ম্বৰপূৰ্ণভাৱে ৰাভা দিৱস আয়োজনৰ পৰিকল্পনাৰ কথা নাট্যমন্দিৰ পৰিচালনা সমিতিৰ বিষয়াই জানিবলৈ দিয়ে ৷
উল্লেখ্য় যে ১৯৬৯ চনৰ আজিৰ দিনটোতে তেজপুৰত মহাপ্ৰয়াণ ঘটিছিল এই গৰাকী মহান গণ শিল্পীৰ । আধুনিক অসমৰ ইতিহাসত যিসকল মহান ব্যক্তিত্বই যুগ যুগ ধৰি সমাজক অনুপ্ৰাণিত কৰি আহিছে, তেওঁলোকৰ ভিতৰত বিষ্ণু প্ৰসাদ ৰাভা হ'ল এটা উজ্জ্বল জ্যোতিষ্ক ।
উল্লেখ্য় যে বিষ্ণু প্ৰসাদ ৰাভা কেৱল এজন বিপ্লৱী শিল্পীয়েই নাছিল, তেওঁ আছিল মানুহৰ মুক্তি, মৰ্যদা আৰু সাম্যৰ বাবে জীৱন উৎসৰ্গা কৰা এজন গভীৰ মানৱপ্ৰেমী । আজি ৰাজ্য জুৰি গীতে মাতে অসমীয়াৰ প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক স্মৰণ কৰা হৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু