নগঞা ঢোলৰ ওজা তথা অসম বিহু সুৰক্ষা সমিতিৰ সদস্য থুলেশ্বৰ ডেকাৰ দেহাৱসান
নগাঁও, ২০ জুন (হি.স.)। ৰাভা দিৱসৰ দিনাই ৰহাৰ বিশিষ্ট শিল্পী, সমাজকৰ্মী, নগঞা ঢোলৰ ওজা তথা অসম বিহু সুৰক্ষা সমিতিৰ সদস্য থুলেশ্বৰ ডেকাৰ মৃত্যু৷ শনিবাৰে বিয়লি বাৰ্দ্ধক্যজনিত কাৰণত ৰহাৰ মেটেকাৰ নিজ বাসগৃহত মৃত্যু হয় ডেকাৰ৷ ৰহাৰ সামাজিক-সাংস্কৃতিক ক
নগঞা ঢোলৰ ওজা তথা অসম বিহু সুৰক্ষা সমিতিৰ সদস্য থুলেশ্বৰ ডেকাৰ দেহাৱসান


নগাঁও, ২০ জুন (হি.স.)। ৰাভা দিৱসৰ দিনাই ৰহাৰ বিশিষ্ট শিল্পী, সমাজকৰ্মী, নগঞা ঢোলৰ ওজা তথা অসম বিহু সুৰক্ষা সমিতিৰ সদস্য থুলেশ্বৰ ডেকাৰ মৃত্যু৷ শনিবাৰে বিয়লি বাৰ্দ্ধক্যজনিত কাৰণত ৰহাৰ মেটেকাৰ নিজ বাসগৃহত মৃত্যু হয় ডেকাৰ৷

ৰহাৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা থুলেশ্বৰ ডেকাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০বছৰ। ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অগনন গুণমুগ্ধই ডেকাৰ ৰহাৰ মেটেকাস্থ বাস গৃহত ভিৰ কৰে আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেখেতে পত্নীৰ উপৰি দুই পুত্ৰ, বোৱাৰী, নাতি-নাতিনীকে ধৰি আত্মীয় স্বজনক এৰি থৈ যায়৷ সাংস্কৃতিকবান ব্যক্তিগৰাকীৰ মৃত্যুত ৰহা অঞ্চলত শোকৰ ছাঁ পৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande